অসম

assam

সুস্থ ৰূপত জয়মালা

ETV Bharat / videos

Joyamala a pet elephant: সুস্থ ৰূপত জয়মালা; সকলোৰে মুখত বিৰিঙিছে হাঁহি - Gavoru block forest office in Misamari rangapara

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 8:20 PM IST

ৰঙাপৰা, 23 আগষ্ট : মিছামাৰীৰ পোহনীয়া হাতী জয়মালাক চিকিৎসা প্ৰদান ৷ ক্ৰমাৎ সুস্থ হৈ উঠিছে মিছামাৰীৰ জয়মালা । জয়মালাই বিগত কেইবাদিনো ধৰি ভালদৰে খোৱা-বোৱা কৰা নাছিল । মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ত থকা পোহনীয়া হাতীজনী ক্ৰমান্বয়ে অসুস্থ হৈ পৰিছিল ।

জয়মালা বন বিভাগৰ এটা পৰিচিত নাম আৰু জয়মালা সকলোৰে অতি মৰমৰ । উল্লেখ্য যে, শোণিতপুৰ জিলাৰ মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা জাক-জাক বন্যহস্তীক নিয়ন্ত্ৰণ কৰিবলৈ গাভৰু খণ্ড বন কাৰ্যালয়ত ৰখা জয়মালা নামৰ মাইকী হাতীজনী অসুস্থ হৈ পৰিছিল আৰু দিনক দিনে হাতীজনীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । ঠিক তেনে সময়তে প্ৰকৃতি প্ৰেমী দিলীপ নাথ আৰু পংকজ নাথে হাতীজনীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে ।

বিগত ১৮ আগষ্টত জয়মালাক চিকিৎসা প্ৰদান কৰা হৈছিল আৰু আজি বুধবাৰে দ্বিতীয়বাৰৰ বাবে ঢেকীয়াজুলি পশু চিকিৎসালয়ৰ চিকিৎসক অমৰজিৎ বড়োয়ে জয়মালাক চিকিৎসা প্ৰদান কৰে । আমাৰাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া ৰাজু শইকীয়া, গাভৰু খণ্ড বন কাৰ্যালয়ৰ বিষয়া সুৰেশ দাস, প্ৰকৃতি প্ৰেমী দিলীপ নাথ আৰু পংকজ নাথৰ উপস্থিতিত চিকিৎসকগৰাকীয়ে তিনিটাকৈ চেলাইন দিয়াৰ লগতে বেজী আৰু ঔষধৰে চিকিৎসা প্ৰদান কৰে হাতীজনীক ।

চিকিৎসা প্ৰদানৰ পিচত পূৰ্বতকৈ জয়মালা সুস্থ হৈ উঠা পৰিলক্ষিত হৈছে । ইফালে অসুস্থ জয়মালা সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠালৈকে চিকিৎসকগৰাকী সময়ে সময়ে মিছামাৰীলৈ আহি চিকিৎসা প্ৰদান কৰি যাব বুলি সাংবাদিকৰ আগত সদৰী কৰে । মিছামাৰীৰ জয়মালা অতি সোনকালে সুস্থ হৈ উঠি পূৰ্বৰ দৰে বনৰীয়া হাতী খেদাত বন বিভাগক সহায় কৰি বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Man-Elephant Love Story: নাচিব জনা, লোকগীত বুজি পোৱা এটা পাঁচবছৰীয়া হাতী পোৱালী

ABOUT THE AUTHOR

...view details