তিনিচুকীয়াৰ প্ৰথমগৰাকী ভিডিঅ' সাংবাদিক সতীশ ভট্টাচাৰ্য্যৰ বিয়োগ - journalist satish bhattacharya passes away
Published : Nov 29, 2023, 6:29 PM IST
তিনিচুকীয়া, ২৯ নৱেম্বৰৰ: অসমৰ সংবাদ জগতৰ বাবে এক দুঃখবৰ । গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ তিনিচুকীয়াৰ প্ৰথমগৰাকী ভিডিঅ' সাংবাদিক তথা দূৰদৰ্শন বাতৰিৰ তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক সতীশ ভট্টাচাৰ্য্যৰ বাৰ্ধক্যজনিত কাৰণত তিনিচুকীয়াৰ বালুগাদাস্থিত নিজা বাসগৃহত মঙলবাৰে নিশা মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ ৷ তেওঁ আছিল তিনিচুকীয়াৰ ভিডিঅ'গ্ৰাফিৰ এগৰাকী বাটকটীয়া । অসমত চেটেলাইট চেনেলৰ জন্ম হোৱাৰ আগতেই দূৰদৰ্শনৰ বা-বাতৰি সংগ্ৰহ কৰি সম্প্ৰচাৰ কৰি আহিছিল ।
তেওঁৰ মৃত্যুত জাৰ্নেলিষ্ট ইউনিয়ন অৱ অসম ৰাজ্যিক সমিতিৰ উপ-সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ৰূপম কাকতিয়ে বাসগৃহত উপস্থিত হৈ শোক প্ৰকাশ কৰে । এই খবৰে তিনিচুকীয়াৰ সংবাদমহলত শোকৰ ছাঁ পেলাইছে । তেওঁৰ মৃত্যুত জিলাখনৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ।
লগতে পঢ়ক:ৰাজ্যৰ মুঠ ২৭,১৮৩ গৰাকী মেধাৱী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান