ধাৰাপুৰত শিল ভৰ্তি ডাম্পাৰৰ খুন্দাত নিহত সংবাদকৰ্মী পাৰ্থ প্ৰতীম দাস - পাৰ্থ প্ৰতীম দাস
Published : Dec 31, 2023, 7:38 AM IST
মিৰ্জা, 31 ডিচেম্বৰ : শনিবাৰে শনি লাগিল মহানগৰীৰ ধাৰাপুৰত ৷ শনিবাৰে দুপৰীয়াৰ ভাগত ধাৰাপুৰত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে 3 জন লোক গুৰুতৰভাৱে আহত হয় ৷ আটাইকেইজন একেটা পৰিয়ালৰে সদস্য বুলি জানিব পৰা গৈছে ৷
দুৰ্ঘটনাত নিহত লোকজন মিৰ্জাৰ সংবাদকৰ্মী পাৰ্থ প্ৰতীম দাস বুলি চিনাক্ত কৰা হৈছে । বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত আছিল সাংবাদিক দাস ৷ দাসৰ অকাল মৃত্যুৰ ফলত সংবাদ জগতত পৰিছে শোকৰ ছাঁ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, তীব্ৰবেগত আহি আছিল এখন শিল ভৰ্তি ডাম্পাৰ ৷ একেটা দিশেৰে এখন অল্টো বাহনেৰে পৰিয়ালৰ সৈতে গৈ আছিল সংবাদকৰ্মী পাৰ্থ প্ৰতীম দাস ৷ কিন্তু হঠাৎ অল্টো বাহনখনৰ পাচত আহি থকা শিল ভৰ্তি ডাম্পাৰখন বাগৰি পৰে অল্টোখনৰ ওপৰত ৷ ফলত চূৰ্ণ -বিচূৰ্ণ হৈ পৰে অল্টো বাহনখন ।
প্ৰথমাৱস্থাত অল্টো বাহনখনত থকা 4 জন লোক গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত আহত আটাইকেইজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত সংবাদকৰ্মী পাৰ্থ প্ৰতীম দাসৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, দুৰ্ঘটনাতপতিত ডাম্পাৰ আৰু অল্টো বাহনখনৰ নম্বৰ ক্ৰমে AS-01-FC-2742 আৰু AS-01-AV-9673 ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক :ধুবুৰীত নিষিদ্ধ নিচাযুক্ত সামগ্ৰী দাহন