অসম

assam

ETV Bharat / videos

Amrit Bharat Station Scheme: ন ৰূপত গঢ়ি উঠা ৰে’লৱে ষ্টেচনসমূহ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব; সাংসদ তাছা - বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী

🎬 Watch Now: Feature Video

অমৃত ভাৰত ষ্টেচন আঁচনি

By

Published : Aug 6, 2023, 6:57 PM IST

যোৰহাট, 6 আগষ্ট : স্বাধীনতাৰ অমৃতকালত দেশৰ ৰে’ল পৰিবহন খণ্ডত অভিনৱ সংযোজন হিচাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰে’ল বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত "অমৃত ভাৰত ষ্টেচন আঁচনি" শীৰ্ষক আঁচনিৰ অধীনত দেশৰ ৫০৮ টা ৰে’লৱে ষ্টেচনৰ পুনৰ বিকাশৰ আধাৰশিলা ভাৰ্চুৱেলি স্থাপন কৰে ৷ এই আঁচনিত অৰ্ন্তভুক্ত হৈছে যোৰহাট নগৰ ৰে’লৱে ষ্টেচন ৷  

যোৰহাট ৰে’লৱে ষ্টেচনত অনুষ্ঠিত সভাত উপস্থিত থাকে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা সহিতে যোৰহাটবাসী ৰাইজ ৷ প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে যোৰহাট নগৰ ৰে’লৱে ষ্টেচনটো অত্যাধুনিক সা-সুবিধা উপলব্ধ আৰু সৌন্দৰ্যবৰ্ধনেৰে আধুনিকীকৰণ কৰা হ’ব ৷ 

এই অভিলাষী আঁচনিখনৰ জৰিয়তে ৰে’ল ষ্টেচনসমূহক নব্য প্ৰযুক্তি সম্পন্ন ষ্টেচনলৈ ৰূপান্তৰিত কৰিবলৈ লোৱা পদক্ষেপ আৰু যোৰহাট নগৰ ৰে’লৱে ষ্টেচনটো এই আচঁনিত অন্তৰ্ভুক্ত কৰাত প্ৰধানমন্ত্ৰীক কতৃজ্ঞতা জ্ঞাপন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷

তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা এই পদক্ষেপৰ ফলত ৰে’ল ষ্টেচন বা জংচনসমূহ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব ৷ উল্লেখ্য যে অমৃত ভাৰত ষ্টেচন আচঁনিৰ অধীনত অসমৰ 32 টা ৰে’লৱে ষ্টেচন অন্তৰ্ভুক্ত হৈছে ৷

লগতে পঢ়ক :Amrit Bharat station scheme: অমৃত ভাৰত ষ্টেচনত অন্তৰ্ভুক্ত নহ’ল প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ লখিমপুৰ-ধেমাজিৰ ৰে’লৱে ষ্টেচন

ABOUT THE AUTHOR

...view details