অসম

assam

এখন পাৰ্কৰ নামকৰণ অনুষ্ঠান

ETV Bharat / videos

কাব্যঋষি নীলমণি ফুকনৰ নামত যোৰহাটত এখন পাৰ্ক নামকৰণ - মিলেনিয়াম পাৰ্ক

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 8:29 PM IST

যোৰহাট, 9 জানুৱাৰী :যোৰহাটৰ মাজমজিয়াত জিলিকিব কাব্যঋষি নীলমণি ফুকন । কাব্যঋষি গৰাকীৰ নামত যোৰহাট নগৰত থকা এখন পাৰ্ক নামকৰণ হৈছে । যোৰহাট নগৰৰ মাজমজিয়াত প্ৰতিষ্ঠিত মিলেনিয়াম পাৰ্ক উছৰ্গা কৰা হ’ল যশস্বী কবি নীলমণি ফুকনৰ নামত ৷

সহস্ৰাব্দৰ স্মৃতি যুগমীয়া কৰাৰ মানসেৰে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ প্ৰচেষ্টাত যোৰহাট চহৰৰ মাজমজিয়া বৰুৱা চাৰিআলিত প্ৰতিষ্ঠা হোৱা সহস্ৰাব্দ উদ্যান তথা মিলেনিয়াম পাৰ্কখন জ্ঞানপীঠ বঁটা প্ৰাপক, যশস্বী কবি নীলমণি ফুকনৰ স্মৃতিত উছৰ্গা কৰা হয় । মঙলবাৰে উদ্যানৰ প্ৰাংগণত "শংখৰ নিনাদ" শীৰ্ষক এটি ব্যতিক্ৰমী আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আয়োজন কৰা হয় ।

অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন কৰে বিশিষ্ট চিত্ৰ শিল্পী ভৃগুপতি হাজৰিকা, পৌৰপতি লখিমী খাৰঘৰীয়া, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী তথা উদ্যান পৰিচালনা সমিতিয়ে । উদ্যানখন জ্ঞানপীঠ বঁটা প্ৰাপক নীলমণি ফুকনৰ নামেৰে নামকৰণ কৰে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে । উক্ত অনুষ্ঠানতে কবি নীলমণি ফুকনৰ কনিষ্ঠ পুত্ৰ অমিতাভ ফুকন উপস্থিত থাকি যশস্বী কবিগৰাকীৰ জীৱন-কৰ্মৰ ওপৰত আলোকপাত কৰে ।

উল্লেখ্য যে, ইতিমধ্যে কাব্য ঋষিগৰাকীৰ প্ৰতি সন্মান জনাই দেৰগাঁৱৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে সোণাৰু গছ ৰোৱা এক আঁচনি গ্ৰহণ কৰা হৈছে ৷ উক্ত আঁচনিক ইতিমধ্যে অনুমোদন জনাইছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে ।

লগতে পঢ়ক :উদুলি মুদুলি যোৰহাটৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই ক্ষেত্ৰ

ABOUT THE AUTHOR

...view details