অসম

assam

মূল্য়বৃদ্ধিৰ প্ৰতিবাদত উত্তাল যোৰহাট

ETV Bharat / videos

Protest against price hike in Jorhat: মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাট মহিলা কংগ্ৰেছৰ সমদল - Price hike of Gas Cylinder

By

Published : Mar 4, 2023, 5:26 PM IST

যোৰহাট, ৪ মাৰ্চ:ৰাজ্য়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত অতিষ্ঠ হৈছে ৰাইজ (Price hike in Assam)। সেয়েহে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে যোৰহাটৰ সাধাৰণ জনতাৰ লগতে বিভিন্ন দল-সংগঠনে । ৰন্ধন গেছৰ চিলিণ্ডাৰৰ লগতে অন্য়ান্য সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ যোৰহাট মহিলা কংগ্ৰেছে শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Price hike of Gas Cylinder) । ফলত উত্তপ্ত হৈ পৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ । অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ নিৰ্দেশমৰ্মে জিলা মহিলা কংগ্ৰেছে ৰন্ধন গেছৰ পুনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্তি গন্ধিয়াই কয় যে অস্বাভাৱিক মূল্যবৃদ্ধিক নিৰ্বাচনী ইছ্যু হিচাপে লৈ দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হৈছিল শাসকীয় দল বিজেপি (Congress protest in Jorhat)। পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনা দলটোৱে কিন্তু শাসনলৈ অহাৰ পিছতেই পাহৰি গ'ল জনসাধাৰণলৈ আগবঢ়োৱা নিৰ্বাচনী প্ৰতিশ্ৰুতি ৷ প্ৰত্যকটো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰে অস্বাভাৱিক মূল্যবৃদ্ধিয়ে ইতিমধ্যে সাধাৰণ নাগৰিকৰ জীৱন যাত্ৰাত প্ৰভাৱ পেলাইছে ।

যোৰহাট জিলা মহিলা কংগ্ৰেছৰ কৰ্মীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লে কাৰ্ড আদি লৈ বিজেপি চৰকাৰ মূর্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । মহিলা কংগ্ৰেছে জিলাখনৰ কংগ্ৰেছ ভৱনৰ পৰা এই  প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰন্ধন গেছৰ মূল্য আছিল চাৰিশ দহ টকা, কিন্তু বিজেপি চৰকাৰৰ কাৰ্যকালত এই মূল্য বৃদ্ধি হৈ হ’লগৈ ১২০০ পৰ্যন্ত । কেৱল এয়াই নহয়, বিভিন্ন সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিত দেশৰ সাধাৰণ জনতা জুৰুলা হৈ পৰিছে বুলি উল্লেখ কৰে যোৰহাট জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে । ৰন্ধন গেছৰ মূল্য হ্ৰাস নকৰিলে ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে সঁকিয়াই দিয়ে ।

লগতে পঢ়ক:Top level hospital in Jakhalabandha: জখলাবন্ধাত নিৰ্মাণ হ'ব ১৫০ খন বিচনাযুক্ত অত্যাধুনিক চিকিৎসালয়

ABOUT THE AUTHOR

...view details