India Book of Records 2022 : স্বাধীনতা সংগ্ৰামীৰ চিত্ৰ অংকন কৰি অভিলেখ গঢ়িলে যোৰহাটৰ পৰিণীতাই - স্বাধীনতা সংগ্ৰামীৰ চিত্ৰ অংকন কৰি অভিলেখ গঢ়িলে যোৰহাটৰ পৰিণীতাই
দেশত ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে (Independence day of India)। এই বিশেষ ক্ষণৰ সাক্ষী হ'বলৈ দেশবাসী । ইতিমধ্যে চৰকাৰে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ । সমগ্ৰ দেশৰ লগতে অসমতো স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলিছে । কিন্তু ইয়াৰ মাজতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিছে অসমৰ পৰিণীতা শইকীয়া । স্বাধীনতা সংগ্ৰামীৰ চিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ যুৱতীগৰাকীয়ে (Jorhat girl named in India Book of Records)। এখন গামোচাত দেশৰ ১১২ গৰাকী মহিলা স্বাধীনতা সংগ্ৰামীৰ চিত্ৰ অংকন কৰিছে পৰিণীতা শইকীয়াই । সৰুৰে পৰা ছবি আঁকি ভালপোৱা পৰিণীতাই ৫ ঘণ্টা ৩৬ মিনিট ১০ চেকেণ্ডত গামোচাত স্বাধীনতা সংগ্ৰামীসকলৰ চিত্ৰ অংকন কৰি এই অভিলেখৰ গৰাকী হৈছে । যোৰহাটৰ ঢেকৰগড়াৰ কুমাৰ গাঁৱৰ পৰিণীতা এগৰাকী নাৰ্চিঙৰ ছাত্ৰী । ইফালে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা তেওঁলৈ স্বীকৃতি অহাৰ লগে লগে আনন্দিত পৰিণীতা লগতে তেওঁৰ পৰিয়াল ।
Last Updated : Feb 3, 2023, 8:25 PM IST