অসম

assam

যোৰহাটৰ প্ৰথমখন উৰণ সেঁতু

By

Published : Aug 14, 2023, 10:10 PM IST

ETV Bharat / videos

Jorhat first flyover: 16 আগষ্টত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব যোৰহাটৰ প্ৰথমখন উৰণ সেঁতু; ব্যাপক প্ৰস্তুতি

যোৰহাট, 14 আগষ্ট : যোৰহাটৰ প্ৰথমখন উৰণ সেঁতু উদ্ধোধনৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত ঘূৰিব অসম গৌৰৱ এশিঙীয়া গঁড়ে ৷ Save Rhino বাৰ্তা আৰু সজাগতা সৃষ্টিৰ বাবে এই ব্যতিক্ৰমী প্ৰয়াস ৷ উল্লেখ্য যে, 16 আগষ্টত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰিব যোৰহাটৰ ন আলিত নিৰ্মাণ কৰি উলিওৱা প্ৰথমখন উৰণ সেঁতু ৷ এই উপলক্ষে দিনে-নিশাই চলিছে ব্যাপক প্ৰস্তুতি ৷

নিশাৰ ভাগত ৰঙীন আলোক সজ্জাৰে সজ্জিত কৰি তোলা হৈছে যোৰহাটৰ প্ৰথম উৰণ সেঁতুখন ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ পাছতেই সেঁতুৰ ওপৰত ঘূৰিব অসম গৌৰৱ এশিঙীয়া গঁড় ৷ অৱশ্যে এই গঁড় মানৱসৃষ্ট হে ৷ গঁড়টো হুবহু সাজি উলিয়াইছে ন আলি বঙাল পুখুৰীৰ মানস জ্যোতি বৰুৱা আৰু তেওঁৰ সহযোগীসকলে ৷

প্ৰায় ডেৰ মাহ ধৰি কৰা অশেষ কষ্টৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈছে গঁড়টোৰ ৷ শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে গঁড়টোৱে ৷ উল্লেখ্য যে, 2019 চনত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাট নগৰ আৰু ন আলি সংযোগী জিলাখনৰ প্ৰথমখন উৰণ সেঁতুৰ আধাৰশিলা স্থাপন কৰিছিল ৷ 87 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা হৈছে এই উৰণ সেঁতুখন ৷

লগতে পঢ়ক :Nalbari District Day : এদিনীয়া কাৰ্যসূচীৰে নলবাৰী নাট্য মন্দিৰত উদযাপন নলবাৰী জিলা দিৱস

ABOUT THE AUTHOR

...view details