অসম

assam

যোৰহাটৰ ৰাজপথত নাৰী সমাজ

By

Published : Jul 21, 2023, 4:47 PM IST

ETV Bharat / videos

Manipur naked parade:নাৰীৰ নিৰাপত্তা বিচাৰি যোৰহাটৰ ৰাজপথত নাৰী সমাজ

যোৰহাট, 21 জুলাই : মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি পদযাত্ৰা কৰোৱাই দলবদ্ধভাৱে ধৰ্ষণ কৰা ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতেই তোলপাৰ লাগিছে দেশত ৷ নৰেন্দ্ৰ মোদী চৰকাৰক থকা-সৰকা কৰিছে সকলোৱে ৷ এই শিহৰণকাৰী ঘটনাৰ প্ৰতিবাদত যোৰহাটৰ ৰাজপথলৈ ওলাল নাৰী সমাজ ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ৷

শীঘ্ৰে এই ঘটনাত জড়িত লোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱা লগতে মহিলা সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনায় যোৰহাট জিলা মহিলা কংগ্ৰেছে ৷ উল্লেখ্য যে মণিপুৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো ৰাজ্য মুখ্যমন্ত্ৰী লৈ আহ্বান জনোৱাৰ লগতে উক্ত ঘটনাৰ লগত জড়িত সকলক কোনো কাৰণতেই ৰেহাই দিয়া নহ’ব বুলি কঠোৰ সকীয়নি প্ৰদান কৰে ।

আনহাতে এই ঘটনাই বৰ্তমান মহিলা সকলৰ নিৰাপত্তাৰ প্ৰতি বৃহৎ ভাবুকি আনিছে যাৰ ফলত নাৰী সমাজে এতিয়া দু:চিন্তাত সময় পাৰ কৰিবলগীয়া হৈছে ৷  ইতিমধ্যেই উক্ত ঘটনাত জড়িত শতাধিক লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :Manipur Naked Women Row : মণিপুৰত মহিলাক উলংগ কৰা মুখ্য অভিযুক্তৰ ঘৰত অগ্নিসংযোগ

ABOUT THE AUTHOR

...view details