অসম

assam

যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

ETV Bharat / videos

Protest against price hike:মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ - মূল্যবৃদ্ধি

By

Published : Aug 11, 2023, 5:53 PM IST

Updated : Aug 11, 2023, 7:11 PM IST

যোৰহাট, 11 আগষ্ট : মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত মুখৰ যুৱ ছাত্ৰ পৰিষদ । ৰাজ্যত চাউলৰ পৰা আদি কৰি খাদ্য সামগ্ৰী, শাক-পাচলি সকলোবোৰ সমাগ্ৰীৰে অত্যাধিক হাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত দেখা গ’ল যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ ।

শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা যোগান মন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকলে । অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নহ’লে আগন্তক দিনত ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই ক্ষোভৰে কয় যে বৰ্তমান সমগ্ৰ ৰাজ্যতে ব্যাপক হাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি জীৱনদায়িনী ঔষধলৈকে সকলোতে মূল্যবৃদ্ধি হৈছে । ফলত সৰ্বসাধাৰণ ৰাইজ জুৰুলা হোৱাৰ লগতে ক্ষোভত ফাটি পৰিছে ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, একপ্ৰকাৰে ক’বলৈ গলে বজাৰত লাগিছে জুই আৰু চৰকাৰ আছে শুই । আনকি চৰকাৰৰ প্ৰতিনিধিয়ে মূল্যবৃদ্ধিক লৈ এক প্ৰকাৰ তৰল মন্তব্য প্ৰদান কৰি আহিছে, সেয়ে চৰকাৰক শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

লগতে পঢ়ক :Tea workers protest: প্ৰাপ্যৰ দাবীত টীয়কত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

Last Updated : Aug 11, 2023, 7:11 PM IST

ABOUT THE AUTHOR

...view details