অসম

assam

টিংখাঙত বিজেপিৰ যোগদান কাৰ্যসূচী

ETV Bharat / videos

Loksabha Election 2024: বাগিচাই বাগিচাই কংগ্ৰেছ ঘূৰোতেই বিজেপিত যোগদান একাংশৰ - ভাৰতীয় জনতা পাৰ্টীৰ যোগদান কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 11:04 AM IST

ডিব্ৰুগড়, 28 আগষ্ট: সমাগত লোকসভা নিবাৰ্চন । লোকসভা নিবাৰ্চনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে দলীয় ভেঁটি শক্তিশালী কৰাৰ বাবে তৎপৰ হৈছে । কংগ্ৰেছে হেৰুওৱা ভেঁটি উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছে ‘‘বাগিচাই বাগিচাই কংগ্ৰেছ’’ শীৰ্ষক কাৰ্যসূচী । উজনি অসমৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আৰম্ভ হৈছে কংগ্ৰেছৰ এই কাৰ্যসূচী । 

কংগ্ৰেছ দলে 'বাগিচা বাগিচাই কংগ্ৰেছ' কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে টিংখাঙত ভেঁটি খহা পৰিলক্ষিত হ’ল কংগ্ৰেছ দলৰ । দেওবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ নীলমণি চাহ বাগিচাত অনুষ্ঠিত হ'ল ভাৰতীয় জনতা পাৰ্টীৰ যোগদান কাৰ্যসূচী । টিংখাঙৰ নীলমণি চাহ বাগিচাত মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত বিজেপিত যোগদান কৰে কেইবাশতাধিক ৰাইজে । 

মন্ত্ৰীগৰাকীৰ উপস্থিতিত চাহ বাগিচাখনৰ কংগ্ৰেছ দলৰ কেইবা শতাধিক কৰ্মকৰ্তাই বিজেপিত যোগদান কৰে বুলি জানিবলৈ পৰা গৈছে । অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্ৰী বিমল বৰাই কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে সকলোকে লগত লৈ উন্নয়নমূলক কাম কৰিছে তাৰ প্ৰতি আকৰ্ষিত হৈ এইসকল চাহ শ্ৰমিকে বিজেপি দলত যোগদান কৰিছে । কংগ্ৰেছৰ হাতক লৈ আজিৰ দিনত চাহ বাগিচাৰ শ্ৰমিকসকল ব্যস্ত নাথাকে ।"

লগতে পঢ়ক:World Athletics Championships 2023 : বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ

ABOUT THE AUTHOR

...view details