Bribe case in Assam: ৰাজহ বিভাগৰ বিষয়াক ঘোচ লোৱা মনোভাৱ ত্যাগ কৰিবলৈ নিৰ্দেশ যোগেন মহনৰ - Minister Jogen Mohan directs not to take bribes
মৰাণ, ৩০ মে':চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক কঠোৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰাৰ পাছতেই উৎকোচ লৈ হাত দাঙিছে বহু বিষয়াই । ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দৰে ৰাজহ বিভাগতো ইতিমধ্যে ঘোচ লৈ মণ্ডল, মণ্ডলৰ সহায়কৰ লগতে চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী আৰক্ষীৰ জালত পৰিছে । ইমানৰ পাছতো একাংশ বিষয়া কৰ্মচাৰীয়ে ধনৰ মোহ এৰিব পৰা নাই । সেয়েহে মণ্ডলকে ধৰি ৰাজহ বিভাগৰ বিষয়াসকলক ঘোচ লোৱা মনোভাৱ ত্যাগ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে ৰাজহ মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan directs not to take bribes)।
মৰাণত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজহ মন্ত্ৰী যোগেন মহনে কয়, "মই নিজে প্ৰতিটো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ বিষয়া সকলক আঁচনি ৰূপায়ণৰ নামত ধনৰ লেনদেন নকৰিবলৈ আহ্বান জনাই আহিছো (Minister Jogen Mohan react on bribe)। ইমানৰ পাচতো যিসকলে ধনৰ মোহ এৰিব পৰা নাই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব ।" সকলো বিষয়া কৰ্মচাৰীক সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক:Financial crisis: ৩৬,১৩৭ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ দায়িত্ব ৬ টা বিভাগক; চৰকাৰৰ অৱস্থা কঙাল