অসম

assam

জব মেলা

ETV Bharat / videos

কৰ্ম সংস্থাপন বিচাৰি ভিৰ লগালে যুৱক-যুৱতীয়ে - কৰ্ম সংস্থাপন

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 6:04 PM IST

বঙাইগাঁও, ১৮ নৱেম্বৰ : বঙাইগাঁও জিলা মিছন ব্যৱস্থাপনা গোটৰ উদ্যোগত বঙাইগাঁও জিলা লাইব্ৰেৰী প্ৰাংগণত DDU GKY JOB MELA আৰম্ভ হয় ৷ ফিটা কাটি জব মেলাৰ শুভ উদ্বোধন কৰে আই.টি.আই বঙাইগাঁৱৰ অধ্যক্ষ ৰাজু গোপাল দেৱে ৷  ফিটা কটা অনুষ্ঠানত আৰু উপস্থিত থাকে আই.টি.আই বঙাইগাঁৱৰ ৱেল্ডাৰ ট্ৰেডৰ প্ৰশিক্ষক বিপুল নন্দী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

উক্ত জব মেলাত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প ব্যৱস্থাপক অংকুৰ চৌধুৰী, প্ৰকল্প পৰিচালক ফিৰদজ মহম্মদ, প্ৰজেক্ট কাৰ্যবাহী মেনেজাৰ শ্বেলী বসুমতাৰীৰ লগতে বঙাইগাঁও, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ জিলা প্ৰকল্প ব্যৱস্থাপকৰ লগতে বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে । উল্লেখ্য যে, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান বঙাইগাঁও জিলা মিছন ব্যৱস্থাপনা গোটৰ উদ্যোগত আৰু কোকৰাঝাৰ আৰু চিৰাং গোটৰ সহযোগত DDU GKY JOB MELA অনুষ্ঠিত হয় ৷ এই জব মেলাৰ জৰিয়তে বহু নিবনুৱাই কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :BJP state president Bhabesh Kalita: আমাৰ ল’ৰা-ছোৱালীয়ে ভালকৈ পঢ়ি চাকৰিবোৰ ল’ব লাগে: ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details