Jonai News : জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আত্মসহায়ক গোটৰ ডেস্ক-বেঞ্চ - আত্মসহায়ক গোট
Published : Oct 11, 2023, 8:03 PM IST
জোনাই, ১১ অক্টোবৰ : জোনাইৰ কেইজনমান শিক্ষিত নিৱনুৱাৰ দ্বাৰা গঠন হোৱা জে.আই.চি নামৰ আত্মসহায়ক গোটৰ প্ৰশংসনীয় পদক্ষেপ ৷ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে ডেস্ক-বেঞ্চৰ অভাৱে দেখা দিয়া জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে ১০ যোৰ ডেস্ক-বেঞ্চ প্ৰদান কৰে জে.আই.চি নামৰ আত্মসহায়ক গোটে ৷
ক্রীড়া আৰু শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি গঠন কৰা জে.আই.চি নামৰ আত্মসহায়ক গোটে অনাগত দিনতো ডেস্ক-বেঞ্চ আদিৰ অভাৱে দেখা দিয়া শিক্ষানুষ্ঠান সমূহকো সহায়ৰ হাত আগবঢ়াই ছাত্ৰ-ছাত্ৰীৰ বাবে শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব দিব বুলি জানিবলৈ দিয়ে গোটটোৰ সদস্য সকলে ৷
ইফালে জে.আই.চি নামৰ আত্মসহায়ক গোটে এনেদৰে ডেস্ক-বেঞ্চ প্ৰদান কৰি সহায়ৰ হাত আগবঢ়োৱাত ধন্যবাদ জ্ঞাপন কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্রাঞ্জিত পেগুৱে ৷ এই অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, জে.আই.চি আত্ম সহায়ক গোটৰ উপদেষ্টা দীপাংকৰ দলে, কৈলাশ মিৰি, সভাপতি ভাস্কৰ মিৰি, সম্পাদক দেৱব্ৰত গগৈ, সদস্য বিতু বৰা, নুং কুলি, ৰাহুল ৰয়, ভৱেশ মিৰি, কল্লোল কোঁৱৰৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী সকল ৷
লগতে পঢ়ক :Majuli News: মাজুলীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন পালন