Jeli kayi at Border Festival : জেলী কায়ি তানিমৰ কণ্ঠই জীপাল কৰিলে সীমান্ত উৎসৱস্থলী
তেজপুৰ, 29 জানুৱাৰী : অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ অন্ত পেলোৱাৰ কামনাৰে দেওবাৰে শোণিতপুৰ জিলাৰ ভালুকপুঙত অনুষ্ঠিত হ’ল সীমান্ত উৎসৱ (Border festival at Bhalukpung)৷ য’ত অংশগ্ৰহণ কৰে দুয়োখন ৰাজ্যৰ সাংস্কৃতিক দলে ৷ শোণিতপুৰ জিলা আৰু পশ্চিম অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ উদ্যোগত অনুষ্ঠিত সীমান্ত উৎসৱৰ নিশাৰ মুখ্য আকৰ্ষণ আছিল ইণ্ডিয়ান আইডল জুনিয়ৰখ্যাত নাহিদ আফ্ৰিন(Nahid Afrin) আৰু ইণ্ডিয়ান আইডলখ্যাত জেলী কায়িৰ সংগীতানুষ্ঠান ৷
দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত অনুষ্ঠিত কৰা এই অনুষ্ঠানত কায়িয়ে এটাৰ পাছত আনটো গানেৰে উপস্থিত ৰাইজক মুগ্ধ কৰে (Jely Kayi Tamin dual voice)৷ ইটোৰ পাছত সিটো গীত দৈতকণ্ঠত পৰিৱেশন কৰি সংগীতপ্ৰেমীক আমোদ দিলে আলোড়ন সৃষ্টিকাৰী জেলী কায়ি তানিমে (Singer Jely Kayi Tamin)৷ বিয়লিৰ পৰা অৰুণাচল প্ৰদেশ আৰু অসমৰ বিভিন্ন সংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সমাহাৰেৰে এই উৎসৱ উদযাপন কৰা হয় ৷ ভালুকপুঙত দেওবাৰে এক সাংস্কৃতিক পৰিৱেশে বিৰাজ কৰে ৷
শোণিতপুৰ জিলা প্ৰশাসনে পশ্চিম কামেং জিলা প্ৰশাসনৰ সহযোগিতাত অনুষ্ঠিত এই অনুষ্ঠানত দুয়োখন সীমান্তৱৰ্তী জিলাৰ জন প্ৰতিনিধি আৰু প্ৰশাসনিক বিষয়াসকলে জনসাধাৰণক লগত লৈ এক সাংস্কৃতিৰ আদান-প্ৰদানৰ জৰিয়তে দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ সমাধান কৰাৰ এক বিৰল পদক্ষেপ গ্ৰহণ কৰে ৷
লগতে পঢ়ক:Assam Arunachal border fest : সীমা সমস্যা পাহৰি অসম-অৰুণাচল সীমান্তত সংস্কৃতিৰ আদান-প্ৰদান