অসম

assam

Kaziranga national park: অনলাইনত জীপ ছাফাৰী ব্যৱস্থাত আসোঁৱাহ

By

Published : Oct 16, 2022, 7:27 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

কাজিৰঙাত জীপ ছাফাৰী অনলাইনত আসোঁৱাহ(Jeep Safari online error in Kaziranga national park) ৷ জীপ চাফাৰী কৰিবলৈ আহি উভতি গ'ল দেশীয় পৰ্যটকৰ লগতে কেইবাজনো বিদেশী পৰ্যটক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ খণ্ড বন বিষয়াৰ উপস্থিতিত শাম কাটে পৰিৱেশ(Kaziranga national park) । জীপ চাফাৰী সন্থা আৰু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মাজত হোৱা আলোচনাৰ পাছত সন্থাই উঠাই লয় জীপ চাফাৰী বন্ধৰ সিদ্ধান্ত । অনলাইন ব্যৱস্থা প্ৰবৰ্তন কৰাৰ ২৪ ঘন্টাৰ ভিতৰতে প্ৰতিবাদত নামিল কাজিৰঙাৰ জীপ ছাফাৰী সন্থা । অনলাইন ব্যৱস্থাৰ ফলত জীপ ছাফাৰীৰ বহু ক্ষতি হোৱাৰ পৰিলক্ষিত হোৱাৰ লগতে বহু পৰ্যটকে কাজিৰঙা দৰ্শনৰ পৰা বিৰত থাকিবলগীয়া হৈছে । এনে পৰিপ্ৰেক্ষিতত অনলাইন বুকিং পদ্ধতি বন্ধ কৰাৰ বাবে জীপ ছাফাৰী সন্থাই দাবী উত্থাপন কৰি পুৱাই প্ৰতিবাদ সাব্যস্ত কৰে । অনলাইন বুকিং বন্ধ নকৰালৈকে কাজিঙাৰ জীপ ছাফাৰী সন্থাই জীপ ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত লয় ৷ সাময়িকভাৱে স্থগিত ৰাখে জীপ ছাফাৰী সন্থাই জীপ ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details