ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা ক্ৰীড়াবিদসকলৰ মাতৃসকললৈ "জীজা মাতা বঁটা" প্ৰদান - আৰ্চাৰী খেলুৱৈ ৰিতুমণি স্বৰ্গীয়াৰী
Published : Dec 24, 2023, 2:05 PM IST
গুৱাহাটী, 24 ডিচেম্বৰ: ক্ৰীড়া ভাৰতী অসম প্ৰান্তৰ উদ্যোগত অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা সদনত দেওবাৰে "জীজা মাতা বঁটা" প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । এই অনুষ্ঠানত মাংগলিক ৰীতি-নীতিৰে ৰাজ্যৰ 9 গৰাকী অসমৰ সফল ক্ৰীড়াবিদৰ মাতৃক বঁটা প্ৰদান কৰা হয় ৷ এই বঁটাত আছে গামোচা, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰ ।
উল্লেখ্য যে, অনুষ্ঠানত প্ৰদান কৰা ক্ৰীড়াবিদৰ মাতৃসকল হৈছে খেলৰত্ন লাভলীনা বৰগোহাঁইৰ মাতৃ মামণি বৰগোহাঁই ,অৰ্জুন বঁটাপ্ৰাপ্ত নয়নমণি শইকীয়াৰ মাতৃ নিৰদা শইকীয়া, সাঁতোৰবিদ জাহ্নৱী কাশ্যপ মাতৃ জোনালী দাস, দবা খেলুৱৈ ছাহিল দে’ৰ মাতৃ মিঠু দাস , আৰ্চাৰী খেলুৱৈ ৰিতুমণি স্বৰ্গীয়াৰীৰ মাতৃ ৰেণু স্বৰ্গীয়াৰী, পেৰা বেডমিন্টন খেলুৱৈ চিৰঞ্জীতা ভৰালীৰ মাতৃ দিপ্তী কলিতা, কাবাডী খেলুৱৈ পবিত্ৰা নাৰ্জাৰীৰ মাতৃ মিনু নাৰ্জাৰী ,উশ্বু খেলুৱৈ চিৰঞ্জিত বড়ো মাতৃ কনিকা বড়ো, এথলেটিকছ
লাইমুন নাৰ্জাৰীৰ মাতৃ মৰমী নাৰ্জাৰী ।
এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এই অনুষ্ঠানত উপস্থিত থাকি মই অতিকৈ আনন্দিত হৈছো । মাতৃ সকলোকে প্ৰণাম জনাইছো । আপোনালোকে এনে সুযোগ্য সন্তান জন্ম দি সমাজখনক ধন্য কৰিছে। আপোনালোকৰ সন্তানে সফলতাৰ জখলা বগাইছে, সমগ্ৰ নাৰী জাতিটোক গৌৰাম্বিত কৰিছে।"
এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাস কুলকাৰ্ণী ।
লগতে পঢ়ক:নাগালেণ্ডত গুৰুজনাৰ আদৰ্শ প্ৰাণৱন্ত