JB College Ragging accused: জে বি কলেজৰ ৰেগিংকাণ্ডত জড়িত ৯ জনক গ্ৰেপ্তাৰ - জে বি কলেজৰ ৰেগিংকাণ্ডত জড়িত 9 জনক গ্ৰেপ্তাৰ
প্ৰণৱ জ্যোতি চেতিয়াৰ অভিযোগৰ ভিত্তিত আৰু জে বি কলেজৰ অধ্যক্ষৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে ৰেগিংকাণ্ডৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ(JB College Ragging accused) ৷ যোৰহাট সদৰ থানাত ৮৯৩ / ২০২২ নম্বৰৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩২৫/৫০৬/৩৪ আৰু ৰেগিং বিৰোধী আইন 1998ৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰা কৰিছে বুলি জানিবলৈ পৰা গৈছে ৷ ৰেগিঙৰ লগত জড়িত বুলি অভিযোগ উঠা ৯ জন ছাত্ৰক আজি ১ বজাৰ পৰা ৬ বজালৈকে অনুশাসন কমিটিয়ে কৈফিয়ত তলব কৰিছে মহাবিদ্যালয়ত চৌহদত ৷ অৱশ্যে বৰ্তমানলৈ কি সিদ্ধান্তত উপনীত হৈছে জানিব পৰা হোৱা নাই ৷ ৰেগিঙৰ সৈতে জড়িত ছাত্ৰ কেইজনে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে । জিণ্টু ছেত্ৰী, বিক্ৰমাদিত্য বৰা, বিশাল ৰংপি, আকাশ জ্যোতি শইকীয়া, শ্যামন্ত উপাধ্যায়, বাস্তৱ গোহাঁই, সুমিত ৰায়, দীপাংকৰ তামূলী আৰু অংকুৰ চাওদাং ( প্ৰাক্তন আবাসী) ৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে ।
Last Updated : Feb 3, 2023, 8:34 PM IST