অসম

assam

নলবাৰী মহকুমা বিহু সন্মিলনীয়ে অনুষ্ঠিত কৰা ৫৩ সংখ্যক বিহুতলী

ETV Bharat / videos

Jayanta Malla Baruah in Nalbari: বিহুতলীত জ্যেষ্ঠ নাগৰিকৰ আশীষ ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই - নলবাৰী মহকুমা বিহু সন্মিলনী ৫৩ সংখ্যক বিহুতলী

By

Published : Apr 25, 2023, 1:07 AM IST

নলবাৰী, ২৪ এপ্ৰিল :নলবাৰী গৰ্ডন স্কুল খেলপথাৰত নলবাৰী মহকুমা বিহু সন্মিলনীয়ে অনুষ্ঠিত কৰা ৫৩ সংখ্যক বিহুতলীত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ সোমবাৰে বিয়লিৰ ভাগত বিহুতলীত উপস্থিত হৈ জ্যেষ্ঠ নাগৰিকৰ আশীষ ল'লে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । জ্যেষ্ঠ নাগৰিকৰ আশীষ লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীক লৈ নতুন পৰিকল্পনা কৰাৰ কথা ব্যক্ত কৰে (Nalbari bihutoli) ।

মন্ত্ৰী জয়ন্ত মল্লই কয় যে বিহুত সৰুৱে ডাঙৰৰ ভৰি চুই আশীৰ্বাদ লোৱাটো আমাৰ সমাজৰ এক পুৰণি পৰম্পৰা ৷  নিমন্ত্ৰিত প্ৰতিজন জ্যেষ্ঠ নাগৰিককে গামোচা পিন্ধাই তেওঁলোকৰ পৰা আশিস গ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, বিহুৰ সময়ত জ্যেষ্ঠ জনৰ পৰা আশীষ লোৱাৰ পৰম্পৰা যেন যুৱ প্ৰজন্মৰ মাজৰ পৰা লাহে লাহে যেন কমি আহিছে । জ্যেষ্ঠ জনৰ পৰা আশীষ লোৱা পৰাম্পৰা সনাতনী সভ্যতা সংস্কৃতিৰ অন্যতম অংগ বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘‘আমি এনে কাম কৰিব লাগে যাতে সেই কামে ভৱিষ্যত প্ৰজন্মক শুদ্ধ পথ দেখুৱাব পাৰে’’ (Jayanta Malla Baruah at Nalbari bihutoli) ।

নলবাৰীৰ ৰাষ্টা ঘাটৰ উন্নয়ন চলাই থকাৰ সমান্তৰালকৈ নলবাৰী বি এড কলেজৰ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি কম দিনৰ ভিতৰতে নলবাৰী ইঞ্জিনিয়াৰিং কলেজৰো শুভাৰম্ভণী কৰিব বুলি ভাষণত তেওঁ সদৰী কৰে । অনুষ্ঠানটোত নলবাৰীৰ প্ৰায় পাঁচ শতাধিক জ্যেষ্ঠ নাগৰিকক বিহুৱান আগবঢ়াই মন্ত্ৰী গৰাকীয়ে সকলোৰে পৰা আশিস গ্ৰহণ কৰে ।

লগতে পঢ়ক :Assam Weather report: বৰদৈচিলাৰ প্ৰকোপত ত্ৰাহি মধুসূদন সুঁৱৰিব অসমবাসীয়ে; সৰ্তকতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details