Jayanta Malla Baruah slams congress; আজিৰ দিনত কংগ্ৰেছৰ কোনো প্ৰাসংগিকতা নাই : জয়ন্ত মল্ল বৰুৱা
Published : Oct 13, 2023, 8:42 AM IST
বিলাসীপাৰা, 13 অক্টোবৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাত বৃহস্পতিবৰে নিশা উপস্থিত হয় অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ মন্ত্ৰীগৰাকী উপস্থিত হৈয়েই বিলাসীপাৰা চহৰৰ ঘোষপাৰাস্থিত স্বামী বিবেকানন্দ উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মাল্যাৰ্পন কৰে ।
এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কংগ্ৰেছক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰি কয়, ‘‘আজিৰ দিনত কংগ্ৰেছৰ কোনো প্ৰাসংগিকতা নাই ৷ কংগ্ৰেছৰ লোকসভা সমষ্টিবোৰৰ তালিকা মই দেখিছোঁ ৷ ক’ৰবাত তেওঁলোকৰ অফিচত থকা পিয়ন, চকীদাৰ সকলেও যেন টিকট বিচাৰিছে’’ ৷
লগতে মন্ত্ৰীগৰাকীয়ে কয়, "আমি লোকসভা সমষ্টিত ধুবুৰীত জিকিব নোৱাৰিম ৷ কাৰণ ধুবুৰী লোকসভা সমষ্টিত আগ্ৰাসনকাৰী মানুহৰ সংখ্যা বেছি ৷ ৰাষ্ট্ৰবাদী মানুহৰ সংখ্যা কম আমাক আগ্ৰাসনকাৰী মানুহে ভোট নিদিব আৰু ৰাষ্ট্ৰীবাদী মানুহেহে আমাক ভোট দিব’’ ৷
এই অনুষ্ঠানত মন্ত্ৰীগৰাকীক সংগ দিয়ে বিলাসীপাৰা পূব সমষ্টিৰ এআইইউডিএফৰ বিধায়ক ছামছুল হুদা, কেএছি'ৰ পাৰিষদ ক্ৰমে জীৱেশ ৰায়, সুধীৰ চন্দ্ৰ ৰায়, বিলাসীপাৰা জিলা বিজেপিৰ সভাপতি প্ৰফুল্ল কলিতা, বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি মনালিছা দাসৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷
লগতে পঢ়ক:Arunodaya Cheque distribution: অৰুণোদয় বঞ্চিত হিতাধিকাৰীয়ে বিধায়কৰ ওচৰত উজাৰিলে ক্ষোভ