অসম

assam

পাঁচ ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত ভৱিষ্যদ্বাণী মন্ত্ৰী জয়ন্তমল্লৰ

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 5:01 PM IST

Jayanta Malla baruah slams congress

নগাঁও, 30 নৱেম্বৰ: কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ নগাঁৱত পুনৰ সমালোচনামুখৰ হৈ পৰিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পূৰ্বৰ সু-সম্পৰ্ক এতিয়াও আছে বুলি উল্লেখ কৰি ভৱিষ্যতেও দল দুটাৰ মিত্ৰতা থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । তেওঁ লগতে কয় যে আগন্তুক লোকসভা নিৰ্বাচনত কাজিৰঙা লোকসভা সমষ্টিৰ বিপৰীতে নগাঁও লোকসভা সমষ্টি প্ৰথম পছন্দ ভূপেন বৰাৰ ৷ মিঞাৰ ভোটেৰে নগাঁৱত সকলোৱে নিৰ্বাচনত জয়ী হ’ব খোজে বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ভূপেন বৰা আৰু ৰকিবুল হুছেইন সকলোৱেই খেলিব বিচাৰিব ৷ যাৰ বাবে তেওঁলোকৰ মাজত সংঘাত হোৱাটো নিশ্চিত ৷ আনহাতে পাঁচ ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে পাঁচ ৰাজ্যৰ ভিতৰত দুখন ৰাজ্য বিজেপিৰ দখললৈ অহাটো নিশ্চিত ৷

লগতে পঢ়ক:৫ ৰাজ্যৰ এখনতো বিজেপি জয়ী নহয়: অশোক গেহলট

ABOUT THE AUTHOR

...view details