JYB candle light protest: মল্লযুঁজাৰুসকলৰ সমৰ্থনত লখিমপুৰত জাতীয় যুৱ বাহিনীৰ মম শিখা লৈ প্ৰতিবাদ - Jatiyo Yuva Bahini
লখিমপুৰ, ৫ জুন: দিল্লীত মল্লযুঁজাৰু সকলক লৈ চৰকাৰে গ্ৰহণ কৰা ভূমিকাক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে (JYB candle light protest)। সোমবাৰে জাতীয় যুৱ বাহিনীৰ লখিমপুৰ জিলা সমিতিয়ে সন্ধিয়া চহৰৰ আদালত ভৱনৰ সন্মুখত মম শিখা লৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে(Jatiyo Yuva Bahini)। অলিম্পিক পদক বিজেতা মল্লযুঁজাৰু সকলক ন্যায় প্ৰদানৰ লগতে অভিযুক্ত বিজেপি সাংসদ ব্ৰীজভূষণ শৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত জাতীয় যুৱ বাহিনীয়ে এই কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰী নেতৃত্বই অভিযোগ উত্থাপন কৰি কয় যে, নাৰী সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰখনে নিজৰ সাংসদ অভিযুক্ত হোৱাৰ বাবে আইনখন পকেটত ভৰাই থৈছে । এই ক্ষেত্ৰত নিমাতী কন্যাৰ ভাও জুৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (candle light protest in Lakhimpur)।
শীঘ্ৰে ব্ৰীজভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে নাৰী নিৰ্যাতনকাৰীক সুৰক্ষা দিয়া বিজেপি চৰকাৰখনক ২০২৪ চনত ৰাইজে উত্তৰ দিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ মহিলাই আগভাগ লৈ নাৰী নিৰ্যাতনকাৰীক সুৰক্ষা দিয়া চৰকাৰখনক উৎখাত কৰাত আগভাগ ল’ব বুলিও প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰে ৷
লগতে পঢ়ক:Illegal Aadhaar centre busted: ৰাণীপুখুৰীত অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত