Japanese encephalitis in Assam : আমগুৰিত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ: চিকিৎসাধীন যুৱক - আমগুৰিত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ
আমগুৰি, 3 জুলাই :শিৱসাগৰ জিলাৰ আমগুৰিত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৷ দেওধাই পথৰুৱা চুকৰ ৰম্পুৰাজ ফুকন (35) নামৰ যুৱকজন আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত ৷ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যোৰহাট মেডিকেল কলেজত ৷
উল্লেখ্য যে, বাৰিষা অহাৰ লগে লগে অসমত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । যোৱা বছৰো দেওধাই গাঁৱত এগৰাকী কিশোৰী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল । এইবছৰো বাৰিষা অহাৰ লগে লগে দেওধাই গাঁৱত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাত অঞ্চলবাসী আতংকিত হৈ উঠিছে ।
দুৰ্ভাগ্যজনক বিষয় যে, ম'ৰাবজাৰ স্বাস্থ্য বিভাগে অঞ্চলবাসীক সজাগ কৰাৰ বাবে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে কোনো সজাগতামূলক ব্যৱস্থা নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে । ৰাইজে প্ৰশাসন আৰু স্বাস্থ্য বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।
লগতে পঢ়ক :Sudakshina sharma is no more : অন্তিম শয়নত সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা