অসম

assam

বিসংগিত দেখুৱাৰ বাবে AJYCPৰ নেতাক চৰ সোধালে ঠিকাদাৰে

ETV Bharat / videos

Jal Jivan Mission scam: বিসংগিত দেখুওৱাৰ বাবে AJYCPৰ নেতাক চৰ সোধালে ঠিকাদাৰে - জল জীৱন মিছন

By

Published : Apr 28, 2023, 1:23 AM IST

Updated : Apr 28, 2023, 9:34 AM IST

মৰাণ, 27 এপ্ৰিল: চৰাইদেউ জিলাত লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ গুণ্ডাগিৰি (Jal Jivan Mission scam) ৷ নিৰ্মীয়মান জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ বিসংগতি দেখুৱাই দিয়াৰ বাবে অন কেমেৰা আঞ্চলিক সস্পাদকক চৰ সোধালে ঠিকাদাৰে (Contractor slaps AJYCP leader) ৷ চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চাউনি হাবি পথাৰ অঞ্চলত নিৰ্মিত জল জীৱন মিছনৰ প্ৰকল্পৰ বিসংগতি আঙুলিয়াই দিয়াৰ বাবেই সংগঠনৰ নেতাক নিৰ্বিচাৰে প্ৰহাৰ কৰে গুণ্ডাৰূপী ঠিকাদাৰৰ ৷ 

চাউনি হাবি পথাৰ অঞ্চলত নিৰ্মীয়মান জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ বিসংগতি আঙুলিয়াই দিছিল AJYCP মাহমৰা আঞ্চলিক সমিতিৰ সম্পাদক লক্ষী দাস পানিকাই ৷  লক্ষী দাস পানিকাক প্ৰহাৰ কৰাৰ পাচতেই পলায়ন কৰে ঠিকাদাৰ নিৰ্মল মূড়েই (FIR against contractor) ৷  ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাকতিবাৰী আৰক্ষী থানাত ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে সংগঠনটোৰ লোকসকলে ৷ 

লগতে পঢ়ক:Lok Sabha Election 2024: অহা লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফৰে মিত্ৰতা নকৰাৰ ইংগিত কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙৰ

Last Updated : Apr 28, 2023, 9:34 AM IST

ABOUT THE AUTHOR

...view details