অসম

assam

ভোগালীলৈ বুলি গুৰ প্ৰস্তুত কৰাত ব্যস্ত মাজবাটৰ কৃষক

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 10:46 AM IST

ভোগালীলৈ বুলি গুৰ প্ৰস্তুত কৰাত ব্যস্ত মাজবাটৰ কৃষক

ওদালগুৰি,১২ জানুৱাৰী:নঙলামুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু ৷ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী । ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা ভোগালীক লৈ পাৰ ভঙা উচাহ ৷ ভোগালী বুলি ক'লেই মনলৈ আহে বিভিন্ন ধৰণৰ পিঠা-পনা, চিৰা, দৈ, গুৰ আদি খাদ্য সামগ্ৰীয়ে ৷ ভোগৰ উৎসৱ ভোগালী আহিলে প্ৰতি বছৰেই ৰাজ্যৰ কুঁহিয়াৰ খেতিয়কসকলৰ মাজত দেখা যায় ব্যাপক ব্যস্ততা ৷‌ ওদালগুৰিৰ মাজবাটৰ চুতীয়া বস্তিৰ প্ৰেম নগৰৰ গুৰৰ আছে এক বিশেষ সুনাম ৷  

মাজবাটৰ চুতীয়া বস্তিৰ প্ৰেম নগৰৰ গুৰে ওদালগুৰি, শোণিতপুৰ আৰু দৰং জিলাৰ বিভিন্ন বজাৰ দখল কৰি আহিছে ৷ অঞ্চলটোৰ প্ৰায় ২৫ টা পৰিয়ালে কুঁহিয়াৰ খেতি কৰি সু-স্বাদু গুৰ প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে ৷ সেয়ে ভোগালী আহিলে তেওঁলোক শালত কুঁহিয়াৰ পেৰি গুৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে । গাওঁখনৰ কৃষকে ভোগালীৰ বজাৰৰ বাবে এইবাৰ ১০ কুইন্টল গুৰ বিক্ৰীৰ বাবে সাজু কৰিছে বুলি জানিবলৈ দিয়ে ৷ পূৰ্বৰ দৰে এইবাৰ বজাৰত গুৰৰ চাহিদা লাভ কৰা নাই বুলি উল্লেখ কৰে কৃষকসকলে  ৷ 

লগতে পঢ়ক:গুৱাহাটীৰ বিপণন ক্ষেত্ৰতো ভোগালী মেলাৰ আয়োজন

ABOUT THE AUTHOR

...view details