ISRO Science and Technology Exhibition: প্ৰথমবাৰৰ বাবে অসমত ISRO ৰ মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰদৰ্শনী - ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰদৰ্শনী
নাহৰকটীয়া, ২৮ জুন :ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আহমেদাবাদৰ সহযোগত নাহৰকটীয়া সমষ্টিৰ জয়পুৰৰ মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰদৰ্শনীত অসমৰ ভিতৰত পোন প্ৰথমবাৰৰ দুদিনীয়াকৈ অনুষ্ঠিত হৈছে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰদৰ্শনী ৷ অসমত পোন প্ৰথমবাৰৰ বাবে ISRO ৰ দ্বাৰা আয়োজন হোৱা এনে প্ৰদৰ্শনীয়ে স্বাভাৱিকতে উৎসাহিত কৰি তুলিছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ৰ বিজ্ঞানী অৱসৰপ্ৰাপ্ত উপ সঞ্চালক হেমেন্দ্ৰ কাঞ্চাৰা আৰু VSC ৰ মুৰব্বী এম জে ভাটে বিদ্যালয়খনত উপস্থিত হৈ কৃত্ৰিম উপগ্ৰহ, ৰকেট নিক্ষেপণ আদিৰ প্ৰদৰ্শনী কৰে ৷
মঙলযান আৰু চন্দ্ৰযান মিচনৰ লগত প্ৰত্যক্ষভাৱে জড়িত থকা বিজ্ঞানীদ্বয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত অন্তৰংগ আলাপ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক মানসিকতাৰ বিষয়ে বিষদভাৱে অৱগত কৰে । অত্যন্ত দুৰ্গম আৰু জনাঞ্চলৰ পৰা বহু নিলগত অৱস্থিত নামচাং বাগিচাৰ আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত এই বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰদৰ্শনীয়ে যথেষ্ট যোগাত্মক প্ৰভাৱ পেলাইছে ৷
লগতে পঢ়ক :Bihu to UNESCO Heritage : ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যত বিহুক অন্তুৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা