অসম

assam

গুৱাহাটীত উপস্থিত ISRO ৰ অধ্যক্ষ সোমনাথ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 1:43 PM IST

গুৱাহাটীত উপস্থিত ISRO ৰ অধ্যক্ষ

গুৱাহাটী, 17 জানুৱাৰী:গুৱাহাটীত উপস্থিত ISROৰ অধ্যক্ষ ড° শ্ৰীধৰ পানিকৰ সোমনাথ । বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে ISROৰ অধ্যক্ষগৰাকী । প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সম্বৰ্ধনা আৰু মত বিনিময় অনুষ্ঠানত খ্যাতিসম্পন্ন বিজ্ঞানীগৰাকীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

চন্দ্ৰযান-3 ৰ সফলতাৰ বিজয় উৎসৱ তথা ISROৰ দ্বাৰা আদিত্য L1 ৰ সূৰ্যমূখী অভিযান উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজনেৰে অধ্যক্ষগৰাকীক সম্বৰ্ধনা জনোৱা হ’ব বুলি উদ্যোক্তাসকলে জানিব দিছে । ইয়াৰ পিছতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব অধ্যক্ষগৰাকীয়ে । 

শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান বিয়লি ভাগত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে । সোমনাথৰ আদৰ্শৰে উত্তৰ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে তথা আমাৰ ৰাজ্যখনতো এনে বিজ্ঞানীৰ সৃষ্টি কৰাৰ উদ্দেশ্যৰে ISROৰ অধ্যক্ষগৰাকীক অসমলৈ নিমন্ত্ৰণ কৰা হৈছে বুলি প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে জনায় ৷

লগতে পঢ়ক:BJP চৰকাৰৰ অধীনত ৰাজ্যত ৮০ লাখ লোক দাৰিদ্ৰতাৰ পৰা ৰক্ষা পৰিছে : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details