অসম

assam

ETV Bharat / videos

Royal Teen Diva World: এয়াৰ হোষ্টেজ হোৱাৰ সপোন দেখা ঈশাৰ শিৰত ৰয়েল টিন দিভা ওৱৰ্ল্ড খিতাপ - ৰয়েল টিন দিভা ওৱৰ্ল্ড খিতাপ

By

Published : Jan 5, 2023, 9:16 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

নিজৰ সন্তানটিৱে কেনেদৰে ভালকৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব সেই কথা সকলো পিতৃ-মাতৃয়ে ভাবে । বিশেষকৈ সন্তানটি চিকিৎসক, অভিযন্তা, প্ৰৱক্তা, উচ্চ পৰ্যায়ৰ বিষয়া হোৱাটো প্ৰায় সংখ্যক অভিভাৱকৰ এটা ডাঙৰ সপোন । কিন্তু এইবোৰৰ বৃ্ত্তিৰ পৰিধিৰ বাহিৰতো নিজকে কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰি তাৰ প্ৰমাণ দাঙি ধৰিলে গোলাঘাটৰ এগৰাকী 14 বছৰীয়া কিশোৰীয়ে (Isha Ghosh from Golaghat)। মুম্বাইত অনুস্থিত হোৱা ৰয়েল দিভা ওৱৰ্ল্ড প্ৰতিযোগিতাত (Royal Diva World) খিতাপ অৰ্জন কৰি গোলাঘাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গোলাঘাটৰ ঈশা ঘোষে । অলপতে কাশ্যপ এন্টাৰটেইনমেন্ট গ্ৰুপে আয়োজন কৰা ৰয়েল দিভা ওৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰয়েল টিন দিভা ওৱৰ্ল্ড খিতাপ (Roya Teen Diva World title) অৰ্জন কৰিবলৈ সক্ষম হয় গোলাঘাটৰ সুভাষ কলনীৰ ৰতন ঘোষ আৰু ৰেখা ঘোষৰ কন্যা নৱম শ্ৰেণীৰ ছাত্ৰী ঈশা ঘোষে । বিগত বৰ্ষত অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ঈশাই । ২০২৩ বৰ্ষত থাইলেণ্ডত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে কিশোৰীগৰাকী । অনাগত দিনত গোলাঘাট তথা অসমলৈ অধিক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে ঈশাৰ পৰিয়ালবৰ্গ তথা স্থানীয় ৰাইজে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details