HSLC result 2023: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অষ্টম স্থানত উজ্বলিল বৰপেটাৰোডৰ ইপাশ্ৰী ঘোষ - HSLC 2023 8th position
বৰপেটাৰোড 22 মে’: সোমবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC result 2023) ৷ এই ফলাফলত ৰাজ্যৰ ভিতৰত অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বৰপেটাৰোডৰ মেৰিয়ান হাইস্কুলৰ ছাত্ৰী ইপাশ্ৰী ঘোষ ৷ আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰা ছাত্ৰীগৰাকীয়ে সৰ্বমুঠ নম্বৰ লাভ কৰিছে 587 নম্বৰ (HSLC 2023 8th position) ৷
দৈনিক 5ৰ পৰা 6 ঘণ্টা অধ্যয়ন কৰা মেধাবী ছাত্ৰীগৰাকীয়ে ঘৰুৱা টিউচন লৈছিল গণিত বিষয়ত ৷ সুকান্তপল্লীৰ বাসিন্দা পৰিমল ঘোষৰ কন্যা ইপাশ্ৰী ঘোষে বৰপেটাৰোডতেই বিজ্ঞান শাখাত অধ্যয়ন কৰি ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ কথা উল্লেখ কৰিছে সংবাদমাধ্যমৰ আগত ৷ ইপাশ্ৰী ঘোষৰ এই ফলাফলত এতিয়া উৎফুল্লিত পৰিয়ালবৰ্গৰ লগতে অঞ্চলটোৰ ৰাইজ ৷
লগতে পঢ়ক:HSLC result: পৰীক্ষাৰ ফলাফল লাভ কৰিয়েই আত্মহনন ছাত্ৰীৰ