অসম

assam

Workers Day at Kaliabor: আজি তেওঁলোকৰ ছুটী; শ্ৰমিক দিৱস বুলি মাদলৰ ছেৱত ঝুমুৰ নাচিলে বুধুৱা চামেলীহঁতে

By

Published : May 1, 2023, 5:44 PM IST

Updated : May 1, 2023, 6:05 PM IST

মাদলৰ তালে তালে কঁকাল ভাঙিলে চাহ শ্ৰমিকসকলে

কলিয়াবৰ, 1 মে’: আজি বিশ্বজুৰি পালন কৰা হৈছিল আন্তৰ্জাতিক শ্ৰমিক দিৱস (International Workers Day) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাত  অসম চাহ মজদুৰ সংঘ, নগাঁও শাখাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে আন্তৰ্জাতিক শ্ৰমিক দিৱস (Workers Day at Kaliabor) ৷ চাহ মজদুৰ সংঘৰ অন্তৰ্গত ৪২ খন চাহ বাগিচাৰ শ্ৰমিকে অংশগ্ৰহণ কৰিছে শ্ৰমিক দিৱসৰ কাৰ্যসূচীত (International Workers Day observed at Kaliabor)। 

পূৰ্বতে শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লাগিছিল, প্ৰতিদিনে গড়ে প্ৰায় ১০-ৰ পৰা ১২ ঘণ্টা আৰু সপ্তাহত ৬ দিন কাম কৰিছিল শ্ৰমিকসকলে । ইয়াৰ বিপৰীতে শ্ৰমিকসকলে সামান্য পাৰিশ্ৰমিক বা মজুৰি লাভ কৰিছিল ৷ শ্ৰমিকসকলে অতি অমানৱীয় জীৱন-যাপন কৰিছিল, ক্ষেত্ৰ বিশেষে শ্ৰমিকসকল দাস বৃত্তিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছিল ৷ 

১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেওঁলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে ১৮৮৬ চনৰ ১ মে'। তেতিয়াৰ পৰা শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে একগোট হৈ বিশ্বৰ শ্ৰমজীৱি জনতাই ১৮৮৯ চনৰ পৰা পালন কৰি আহিছে এই দিৱস ।

লগতে পঢ়ক:Road accident in Majuli: দুৰ্ঘটনাত পতিত বাহনৰ পৰা ওলাল এয়াৰ গান

Last Updated : May 1, 2023, 6:05 PM IST

ABOUT THE AUTHOR

...view details