অসম

assam

ETV Bharat / videos

Barpeta Firework Industry: বৰপেটাৰ আতচবাজী উদ্যোগৰ বাবে এক আশাৰ বতৰা - আতচবাজী শিল্পী সমবায় লিমিটেড

By

Published : Apr 30, 2022, 6:09 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

বৰপেটাৰ ঐতিহ্যমণ্ডিত আতচবাজী শিল্পৰ(Barpeta firework industry) উন্নয়নৰ বাবে আগবাঢ়ি আহিছে উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ চমুকৈ ‘চিটা'(State Innovation & Transformation Aayog) ৷ শনিবাৰে চিটাৰ অধ্যক্ষ ৰমেন ডেকাই বৰপেটা অফিচাৰ্ছ ক্লাৱত আয়োজিত এটা অনুষ্ঠানত আতচবাজী শিল্পী সমবায় লিমিটেডক ১৫ লাখ টকাৰ চেক প্ৰদান কৰে৷ সত্ৰনগৰী বৰপেটাৰ ঐতিহ্যৰ সৈতে জড়িত আতচবাজী শিল্পটোৱে কেঁচামাল আৰু মূলধনৰ সমস্যাৰ সন্মুখীন হৈ আহিছিল ৷ শিল্পটোৰ সৈতে জড়িত পৰিয়ালসমূহে যাতে সহজতে কেঁচামাল লাভ কৰিব পাৰে তাৰবাবে শিল্পটোৰ সৈতে জড়িতসকলৰ বাবে ৰিভ'লভিং ফাণ্ড হিচাপে ১৫ লাখ টকাৰ চেক প্ৰদান কৰে (Revolving fund to Atazbazee Shilpa Samabay Samittee) ৷ চেক প্ৰদান অনুষ্ঠানত বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ লগতে চিটাৰ বিষয়াসকল উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details