Appeal to Chief Minister : কেৰালাৰ চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে মৰাণৰ ইন্দ্ৰেশ্বৰ আহোমে - Appeal to Chief Minister
ডিব্ৰুগড়, 11 আগষ্ট : কেৰালাত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে অসুস্থ হৈ বৰ্তমান মৃত্যুৰে যুঁজিছে মৰাণৰ এটি দৰিদ্ৰ পৰিয়ালৰ এজন ব্যক্তিয়ে ৷ মৰাণৰ খোৱাং হালধিবাৰীৰ 1 নং আহোম গাঁৱৰ নিবাসী ইন্দ্ৰেশ্বৰ আহোম (40) নামৰ ব্যক্তিজনে ঘৰুৱা অভাৱ-অনাটনৰ বাবে যোৱা এপ্ৰিল মাহত কেৰালালৈ গৈ এটা ব্যক্তিগত প্ৰতিষ্ঠানত যোগদান কৰিছিল ৷ তাতেই যোৱা 6 আগষ্টত হঠাৎ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰে ইন্দ্ৰেশ্বৰ আহোম ৷
বৰ্তমান সংকটজনক অৱস্থাত কেৰালাৰ ক'ন'ৰ জিলাত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ইন্দ্ৰেশ্বৰ আহোমৰ পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে অসুস্থ ব্যক্তিজনক ঘৰলৈ আনিবৰ বাবে ব্যৱস্থা কৰি দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে ৷ আনহাতে দুটি সন্তানৰ পিতৃ ইন্দ্ৰেশ্বৰ আহোমক ঘৰলৈ আনি দিবলৈ গাঁৱৰ ওচৰ-চুবুৰীয়াই মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক :Eye flu: চকুৰ অসুখ বা কনজাংকটিভাইটিছ হ’লে কি কৰিব লাগে ? চিকিৎসকৰ পৰা জানি লওক