
নামচাঙত মুকলি হ’ব ভাৰতবৰ্ষৰ প্ৰথমখন সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা কল’নী - Namsang NEWS

Published : Dec 28, 2023, 2:18 PM IST
নাহৰকটীয়া, 28 ডিচেম্বৰ : অসমৰ নাহৰকটীয়াৰ নামচাং চাহ বাগিচাত নিৰ্মাণ কৰা হৈছে ভাৰতবৰ্ষৰ প্ৰথমখন সৰ্ববৃহৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা কল’নী । অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত লাগি থকা নাহৰকটীয়া জয়পুৰৰ প্ৰায় 200 বছৰ পুৰণি নামচাং চাহ বাগিচাত নিৰ্মাণ হৈ আছে কল’নীখন ।
জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই আদৰ্শ কল’নী মুকলি কৰিব বুলি জানিব পৰা গৈছে । 32 বিঘা ভূমি সামৰি নিৰ্মাণ হোৱা এই কল’নীখনত 113 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চাৰিসীমাসহ একোটাকৈ ঘৰ, আধাকঠা মাটি, গৃহ আলোকৰ সৌৰব্যৱস্থা, পথৰ দাঁতিত সৌৰ ব্যৱস্থা, জল জীৱন আঁচনিৰ অধীনত বিশুদ্ধ খোৱাপানীৰ সুবিধা, অনাময় আঁচনি, শিশু উদ্যান, এটা অংগনাৱাড়ী কেন্দ্ৰ, এখন কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কুকুৰা, গাহৰি, ছাগলী, গৰু আৰু ম'হ পালনৰ সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে ।
এখন আদৰ্শ গাঁৱত থকাৰ দৰেই সকলো সা-সুবিধা থাকিব এইখন আদৰ্শ কল’নীত। বুধবাৰে বিয়লি নামচাঙৰ এই কল’নীখন পৰিদৰ্শন কৰাৰ লগতে কামৰ অগ্ৰগতি বুজ লয় নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে । আগন্তুক মাঘ বিহুৰ পূৰ্বে এই আদৰ্শ কল’নীখন ৰাইজৰ বাবে মুকলি কৰিব বুলি জানিবলৈ দিয়ে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ।