Ex army meeting : টীয়কত প্ৰাক্তন সৈনিক সমাৰোহ - Ex army meeting
যোৰহাট, 24 মাৰ্চ :যোৰহাটৰ টীয়কস্থিত চিন্তামণি গড়ত বৃহস্পতিবাৰে অনুষ্ঠিত হয় প্ৰাক্তন সৈনিক সমাৰোহ ৷ প্ৰাক্তন সৈনিক সন্থাৰ সহযোগত যোৰহাট জিলা সৈনিক কল্যাণ বিষয়াৰ উদ্যোগত অনুষ্ঠিত হয় কৰা হয় এই প্ৰাক্তন সৈনিক সমাৰোহখনি ৷ উল্লেখ্য যে, প্ৰাক্তন সৈনিকসকলক ঐক্যৱদ্ধ কৰাৰ প্ৰচেষ্টাত গঠন কৰা হৈছিল এই সংস্থাটো (Indian Army Conference for veteran) ৷
প্ৰাক্তন সৈনিক সন্থাৰ আওতাত থকা প্ৰতিজন প্ৰাক্তন সৈনিকৰ ভৱিষ্যত নিধি, বিভিন্ন কল্যাণমূলক আঁচনি, নতুন পেঞ্চন নীতি আৰু প্ৰাক্তন সৈনিকসকলৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত কৰিবলগীয়া কেতবোৰ কাৰ্যক্ৰমণিকা সন্দৰ্ভত অনুষ্ঠানটোত আলোকপাত কৰা হয় । যোৰহাট জিলা সৈনিক কল্যাণ বিষয়াৰ উদ্যোগত অনুষ্ঠিত সৈনিক সমাৰোহত জিলা সৈনিক বিষয়া কামাণ্ডাৰ (চি দি আৰ) এছ আৰ হাজৰিকা, এছ এম জয় কুমাৰ বৰুৱা, এছ এম ৰমেন দত্ত, এছ এম পৰমানন্দ হাজৰিকা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে (Indian Army Conference for veteran at Jorhat) ।
লগতে পঢ়ক :Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী
উল্লেখযোগ্য যে এই সভাতে দেশৰ হকে জীৱন ত্যাগ কৰা বহু কেইজন অৱসৰপ্ৰাপ্ত সৈনিকক তথা সৈনিক পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰোপৰি, অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে উদ্যোক্তাসকলে (Ex army meeting at Teok ) ।