অসম

assam

বামুণীমৈদামৰ বিজি য়াৰ্ডত ভাৰতীয় ৰে’ল বিভাগৰ মকড্ৰিল কাৰ্যসূচী

ETV Bharat / videos

Mock Drill in Guwahati: বামুণীমৈদামৰ বিজি য়াৰ্ডত ভাৰতীয় ৰে’ল বিভাগৰ মকড্ৰিল কাৰ্যসূচী - India Railway Mock Drill in Guwahati

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 10:39 PM IST

গুৱাহাটী, 9 ছেপ্টেম্বৰ: এক হুৱাদুৱা পৰিৱেশ মহানগৰীৰ বামুণীমৈদামৰ বিজি য়াৰ্ডত ৷ বামুণীমৈদামত হঠাৎ এখন চলন্ত ৰে’লত অগ্নিকাণ্ড ৷ জুই নিৰ্বাপন কৰিবলৈ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত এন ডি আৰ এফ, আৰ পি এফ, জি আৰ পি, অসম আৰক্ষী, এছ ডি আৰ এফৰ লোক ৷ কিন্তু ৰ’ব, বিচলিত হোৱাৰ প্ৰয়োজন নাই কাৰণ সেয়া আছিল মকড্ৰিল কাৰ্যসূচী এটা অংশ ৷ আকস্মিক ৰে’ল দুৰ্ঘটনা, অগ্নিকাণ্ডৰ সময়ত ল’বলগীয়া সাৱধানতা তথা পদক্ষেপ সন্দৰ্ভত ভাৰতীয় ৰে’ল বিভাগে মহানগৰীৰ বামুণীমৈদামৰ বিজি য়াৰ্ডত শনিবাৰে এক মকড্ৰিল কাৰ্যসূচী ৰূপায়ন কৰে । 

শনিবাৰে ৰে’ল বিভাগ আৰু এন ডি আৰ এফয়ে যুটীয়া ভাবে যিকোনো ৰেল দুৰ্ঘটনাৰ সময়ত সৃষ্টি হোৱা জৰুৰীকালীন পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰা হয় সেই সন্দৰ্ভত জৰুৰীকালীন সঁহাৰি আৰু প্ৰস্তুতিৰ কাৰ্যকৰীতা পৰীক্ষা কৰিবলৈ ভাৰতীয় ৰে’ল বিভাগে এই মকড্ৰিল কাৰ্যসূচী ৰূপায়ন কৰে ।

লগতে পঢ়ক:Assam Electricity Crisis: নতুন দিল্লীত কেন্দ্রীয় শক্তিমন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ; অসমে পাব ৩০০ মেগাৱাট বিদ্যুৎ

ABOUT THE AUTHOR

...view details