Zubeen Garg: INDIA-ভাৰত বিতৰ্ক: নাম সলনি কৰি থকাটো অদৰকাৰী কাম; জুবিন গাৰ্গ
Published : Sep 7, 2023, 7:56 PM IST
|Updated : Sep 7, 2023, 8:07 PM IST
ডিব্ৰুগড়, 7 ছেপ্টেম্বৰ:দেশজুৰি INDIA-ভাৰত বিতৰ্ক চলিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে ৷ নাম সলনি কৰাক অদৰকাৰী কাম বুলি মন্তব্য কৰে জুবিনে ৷ তেওঁ কয়, ‘‘ইণ্ডিয়া নামটো পূৰ্বৰে পৰাই আছে ৷ নাম সলনি কৰিলেও ইণ্ডিয়াটো থাকিবই ৷ ইণ্ডিয়া, ভাৰত, হিন্দুস্তান এই আটাইকেইটা নামেই থাকিব ৷’’
উল্লেখ্য যে ডিব্ৰুগড়ৰ বিভিন্ন স্থানত তেওঁৰ নতুন ছবি ‘চিকাৰ’ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে জুবিন গাৰ্গ ৷ বিগত কেইবাদিনো ধৰি খোৱাং চাহ বাগিচাত বাহৰ পাতি আছে জুবিন গাৰ্গসহ প্ৰায় 125 জনীয়া এটা দলে ৷ দেবাংগ বুঢ়াগোহাঁইৰ পৰিচালনাৰে ‘চিকাৰ’ চিনেমাখনৰ দৃশ্যগ্ৰহণ চলিছে খোৱাং চাহ বাগিচাৰ লগতে ৰাংচালী ৰেচম পামত ৷এই ছবিখনত এজন চাহ বাগিচাৰ যুৱকৰ চৰিত্ৰত অভিনয় কৰিছে জুবিনে ৷ দৃশ্যগ্ৰহণৰ সময়তে সাংবাদিকে কৰা প্ৰশ্নত INDIA-ভাৰত বিতৰ্কক লৈ মন্তব্য কৰে জুবিন গাৰ্গে ৷