Independence Day 2023 : অসমক দুৰ্ঘটনামুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় পতাকাৰ তলত সংকল্প - দুৰ্ঘটনামুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় পতাকাৰ তলত সংকল্প
গুৱাহাটী, ১৫ আগষ্ট:আজি দেশৰ ৭৭ সংখক স্বাধীতা দিৱস । আজাদী কি অমৃত মহোৎসৱৰ সামৰণি অনুষ্ঠান উপলক্ষে এইবাৰ দেশজুৰি উলহ মালহেৰে উদযাপিত হৈছে ৭৭ সংখ্যক স্বাধীনতা দিৱস । দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো পালন কৰা হৈছে স্বাধীনতা দিৱস । সমান্তৰালভাৱে কামৰূপ মহানগৰ পৰিবহণ কাৰ্যালয়টো উদযাপন কৰা হয়স্বাধীনতা দিৱস ।
পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় কাৰ্যালয় চৌহদত । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে । আগন্তুক দিনত যাতে বিভাগটোৱে অসমক দুৰ্ঘটনামুক্ত কৰি ৰাখিব পাৰে তাৰেই সংকল্পবদ্ধ হয় ৰাষ্ট্ৰীয় পতাকাৰ তলত । লগতে স্বাধীনতা দিৱস উপলক্ষে পৰিবহণ বিভাগে এক বিশাল বাইক ৰেলী উলিয়াই ৰাইজক সজাগ কৰিবলৈ চেষ্টা চলায় ।