অসম

assam

By

Published : Aug 15, 2022, 2:27 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / videos

মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন

ৰাজ্যৰ বাকী জিলাসমূহৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰো বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (Independence day celebration in Dibrugarh)। মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । এই কাৰ্যসূচীত ৰাজহ চক্ৰ বিষয়া স্বৰ্ণ সোণোৱালে জাতীয় পতাকা উত্তোলন কৰে । তাৰ পূৰ্বে অনুষ্ঠানত উপস্থিত থাকি বিধায়ক চক্ৰধৰ গগৈয়ে দেশৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (MLA Chakradhar Gogoi pays tributes to the martyrs of India)। সমবেত লোকসকলক সম্বোধন কৰি বিধায়ক চক্ৰধৰ গগৈয়ে ঘৰ ঘৰ জাতীয় পতাকা কাৰ্যসূচী সফল কৰাৰ বাবে অঞ্চলটোৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে । সভাত মৰাণ আৰক্ষী চক্ৰ বিষয়া সিদ্ধেশ্বৰ বড়ো, অসম গৌৰৱ হেমপ্ৰভা চুতীয়া, জ্যেষ্ঠ নাগৰিক সত্যনাৰায়ণ আগৰৱালা, প্ৰহ্লাদ টোডি আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে । স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠানটোত দেশপ্ৰেমমূলক গীত আৰু নৃত্যও পৰিদৰ্শন কৰে ছাত্ৰ-ছাত্ৰীসকলে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details