অসম

assam

ETV Bharat / videos

Ferry service fares hike: পুনৰ বৃদ্ধি ফেৰী সেৱাৰ ভাৰা - Ferry service fares hike

By

Published : Jan 31, 2023, 6:53 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গুৱাহাটী, ৩১ জানুৱাৰী:পুনৰ বৃদ্ধি ফেৰী সেৱাৰ ভাৰা(Increased ferry service fares )। ১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত বৃদ্ধি পাব ফেৰী সেৱাৰ ভাৰা। দুগুণ বৃদ্ধি পাইছে ফেৰী সেৱাৰ ভাৰা । যি সময়ত মূল্যবৃদ্ধিয়ে  ৰাজ্যবাসীক জুৰুলা কৰি আহিছে তেনে সময়তে ৰাইজৰ মূৰত পুনৰ মাধমাৰ সোধোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে । ৰাজ্যৰ আন ক্ষেত্ৰৰ  দৰে জলপথৰ যাতায়তৰ ফেৰীৰ ভাৰাও চাৰিগুণলৈ বৃদ্ধি পাব ।  

নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দামবৃদ্ধিয়ে সৰ্বসাধাৰণক মাধমাৰ সোধাই থকাৰ মাজতে এইবাৰ আকৌ বৃদ্ধি পালে ফেৰী সেৱাৰ ভাৰা (Ferry service fares hike)। খাদ্য-সামগ্ৰী,পে'ট্ৰল-ডিজেলকে আদি কৰি জীৱন দায়িনী ঔষধলৈকে প্ৰতিটো সামগ্ৰীৰ দাম বৃদ্ধিয়ে জলা-কলা খুৱাই থকাৰ মাজতে এইবাৰ সাধাৰণ ৰাইজক জলাকলা খুৱাব বৰ্ধিত ফেৰী ভাৰাই । আভ্যন্তৰীণ জল পৰিবহণ নিয়ামক কৰ্তৃপক্ষ (Inland Water Transport Regulatory Authority),অসমে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ শাখাৰ অধীনত সকলো ফেৰী সেৱাৰ যাত্ৰী আৰু সামগ্ৰীৰ শুল্ক বৃদ্ধি কৰাৰ প্ৰস্তাৱ  আগবঢ়োৱা বাবে ভাৰা বৃদ্ধি পাব ।  

কাইলৈৰ পৰা হ'বলগীয়া বৰ্ধিত ভাৰা অনুপাতে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ ফেৰীৰে অহা-যোৱা কৰা প্ৰতিগৰাকীৰ যাত্ৰীৰ ভাৰা আঢ়ৈ টকাৰ পৰা ৫ টকালৈ বৃদ্ধি হৈছে । সেইদৰে চাইকেল পৰিবহণৰ মাচুল আৰু এজন চাইকেল আৰোহীৰ পূৰ্বতে যি ভাৰা চাৰি টকা ৫০ পইচা আছিল সেই ভাড়া এতিয়া ১০ টকালৈ বৃদ্ধি হৈছে । একেধৰণে দুচকীয়া বাহন পৰিবহনৰ ভাৰা আৰু মটৰ চাইকেল আৰোহীৰ পূৰ্বৰ ৭ টকাৰ পৰিবৰ্তে ১৫ টকালৈ বৃদ্ধি পাইছে ।  

আনহাতে, নৈশ সেৱাত চাৰিগুণ বৃদ্ধি ফেৰীৰ ভাৰা । নৈশ সেৱাৰ ফেৰীত প্ৰতি গৰাকী যাত্ৰীসকলৰ আঢ়ৈ টকা ভাৰাৰ পৰিৱৰ্তে ১০ টকালৈ বৃদ্ধি পাইছে । তদুপৰি চাইকেল আৰু আৰোহীৰ ভাৰা ৪.৫০ টকাৰ পৰিৱৰ্তে ২০ টকালৈ বৃদ্ধি হ'ব আৰু দুচকীয়া বাহন আৰু আৰোহীৰ ভাৰা ৭ টকাৰ পৰিৱৰ্ৰতে ৩০ টকালৈ বৃদ্ধি হ'ব ভাৰা ।  

লগতে পঢ়ক:Bjp Assam State Minority Morcha sajati dal: নৱ নিযুক্তি চাকৰিয়ালৰ ঘৰে ঘৰে উপস্থিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সজাতি দল

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details