শালিধান কাটিলে অতুল বৰাই, বাকী আছে ন খাবলৈহে ! - কৃষকৰ হাতত ধানৰ গুটি
Published : Dec 12, 2023, 6:55 PM IST
গোলাঘাট, 12 ডিচেম্বৰ :গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বুধবাৰীৰ নপুমুৱা পথাৰত আজি অৰ্থাৎ মঙলবাৰে কম্বাইন হাৰভেষ্টাৰৰ জৰিয়তে শালিধান কাটিলে কৃষিমন্ত্ৰী অতুল বৰাই । মন্ত্ৰীগৰাকীয়ে বিহংগম কৃষি উৎপাদন কোম্পানীৰ কম্বাইন হাৰভেষ্টাৰ উদ্বোধন কৰাৰ লগতে নুমুৱা পথাৰত কম্বাইন হাৰভেষ্টাৰ চলাই শালিধান কাটি কৃষকক উৎসাহিত কৰে ।
জানিব পৰা মতে, আধুনিক যন্ত্ৰচালিত কম্বাইন হাৰ্ভেষ্টাৰ বাহনখনে প্ৰতি ঘণ্টাত প্ৰায় তিনি বিঘা মাটিৰ ধাননিৰ ধান কাটি ইয়াৰ সৈতে সংযুক্ত যন্ত্ৰৰ জৰিয়তে মৰণা মাৰি কৃষকৰ হাতত ধানৰ গুটি তুলি দিব পাৰে । আনহাতে, শালিধান কৰা কৃষকসকলৰ কষ্ট লাঘৱ কৰি বিশেষভাৱে উপকৃত কৰা এই যন্ত্ৰটো মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিলৈ আগবঢ়োৱাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।
ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা কৃষি আধুনিকীকৰণ তথা যান্ত্ৰিকীকৰণৰ প্ৰক্ৰিয়াই কৃষি ক্ষেত্ৰখনলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা বুলি উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী বৰাই উল্লেখ কৰে ।
গোলাঘাট জিলাৰ কৃষি বিভাগৰ নডেল বিষয়া ৰঞ্জন বৰুৱাই আঁতধৰা উদ্বোধনী অনুষ্ঠানত জিলা কৃষি বিষয়া কৃষ্ণ ৰঞ্জন শইকীয়া, মহকুমা কৃষি বিষয়া সুৰষ শইকীয়া, বোকাখাত মহকুমা প্ৰশাসনৰ বিষয়া, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু স্থানীয় কৃষক ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক :প্ৰহসনত শান্তি চুক্তি: মূলসূঁতিলৈ অহা উগ্ৰপন্থী সংগঠনক প্ৰতাৰণা কেন্দ্ৰৰ