অসম

assam

আমগুৰিত ঘৰে ঘৰে পাইপযোগে গেছ যোগান প্ৰকল্পৰ শুভাৰম্ভণি

ETV Bharat / videos

আমগুৰিত ঘৰে ঘৰে পাইপযোগে গেছ যোগান প্ৰকল্পৰ শুভাৰম্ভণি - Piped Gas Supply Project in Assam

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 4:33 PM IST

আমগুৰি,১৬ ডিচেম্বৰ:নতুন বছৰৰ প্ৰাকক্ষণত আমগুৰিবাসীলৈ ভাল খবৰ দিলে অসম গেছ কোম্পানীয়ে । অসম চৰকাৰৰ ঘৰে ঘৰে পাইপ যোগে ঘৰুৱা গেছ যোগান ধৰা প্ৰকল্পৰ আজি শুভাৰম্ভনি কৰা হয় । আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ফিটা কাটি শুভাৰম্ভণি কৰা অনুষ্ঠানত উপস্থিত থাকে অসম গেছ কোম্পানীৰ বিত্ত বিভাগৰ পৰিচালক হৰেন মহন্তই ।  

প্ৰাৰম্ভিক পৰ্যায়ত আমগুৰি পৌৰ এলেকাৰ ৩.৫ কিলোমিটাৰ অঞ্চলজোৰা প্ৰকল্পটোত প্ৰথম অৱস্থাত ৫০০ টি পৰিয়াল উপকৃত হোৱাৰ লগতে পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ পৌৰসভা আৰু পৰ্যায়ক্ৰমে গ্ৰামাঞ্চললৈ সম্প্ৰসাৰিত হ'ব বুলি অসম গেছ কোম্পানীৰ তৰফৰ পৰা জানিবলৈ দিয়ে । উল্লেখ্য যে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ঘৰে ঘৰে পাইপযোগে গেছ যোগান আঁচনি ৰূপায়ণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে । ইয়াৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজ যথেষ্ট উপকৃত হোৱা সম্ভাৱনা প্ৰকট হৈ উঠিছে । 

লগতে পঢ়ক:মিছন বসুন্ধৰা ২.০ : ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া

ABOUT THE AUTHOR

...view details