অসম

assam

অস্ত্ৰোপচাৰ বিভাগৰ শুভ উদ্ধোধন

By

Published : Apr 14, 2023, 10:23 PM IST

ETV Bharat / videos

Karbi Anglong: পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আদৰ্শ চিকিৎসালয়ত অস্ত্ৰোপচাৰ বিভাগৰ সংযোজন

ডিফু, 14 এপ্ৰিল :ৰঙালী বিহুৰ প্ৰাকক্ষণত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আদৰ্শ চিকিৎসালয়ত নতুন সংযোজনকৈ হ’ল অস্ত্ৰোপচাৰ । নতুনকৈ স্থাপন কৰা অস্ত্ৰোপচাৰ বিভাগৰ শুভ উদ্বোধন কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে । খেৰণি বাসীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত এতিয়াৰে পৰা সেই অঞ্চলৰ সকলোৱে বিশেষকৈ গৰ্ভৱতী মহিলাই বিনামূলীয়া চিকিৎসা সেৱা, ঔষধ পাতি আৰু প্ৰয়োজনীয় সা-সুবিধা তথা অস্ত্ৰোপ্ৰচাৰেৰে সন্তান জন্ম দিব পাৰিব (Surgery department at Kheroni Model Hospital) ৷

শেহতীয়াকৈ অনাগত দিনত অন্যান্য ৰোগৰ অস্ত্ৰোপ্ৰচাৰৰ সুবিধা, নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীকে আদি কৰি সকলো থাকিব পৰাকৈ আবাসগৃহ নিৰ্মাণ কৰাৰ লগতে আশা-কৰ্মী আৰু নাৰ্ছক দায়িত্ব পালনৰ যোগ্যতা অনুযায়ী স্কুটি প্ৰদান কৰিব বুলি উদ্বোধনী সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে । আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানটোত কাৰ্বি পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জগত টেৰণ উপস্থিত থাকে (Kheroni Model Hospital) ৷

লগতে পঢ়ক :Fake currency seized : গহপুৰত জাল নোট চপোৱা মেচিনসহ আটক এজন

ABOUT THE AUTHOR

...view details