অসম

assam

মাকুম বহুমুখী সাংস্কৃতিক ভৱনৰ শুভ উদ্বোধন

ETV Bharat / videos

Multipurpose Cultural Building: মাকুম বহুমুখী সাংস্কৃতিক ভৱনৰ শুভ উদ্বোধন - MLA Bolin Chetia

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 11:30 AM IST

তিনিচুকীয়া, ২৪ ছেপ্টেম্বৰ:মৰাণ জনগোষ্ঠীৰ বাবে এটা ঐতিহাসিক দিন । কিয়নো শনিবাৰে সদৌ মৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতি আৰু মাকুম অঞ্চলৰ ৰাইজৰ বহু প্ৰত্যাশিত অসম চৰকাৰৰ বিশেষ উন্নয়ন পুঁজিৰ পৰা এক কোটি টকাৰ ব্যয়ৰ সাপেক্ষে নিৰ্মাণ হোৱা তিনিচুকীয়া জিলাৰ মাকুম বিষ্ণু নগৰস্থিত বহুমুখী সাংস্কৃতিক ভৱনটি উদ্বোধন কৰে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই ।  

উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নৱ মৰাণ, তিনিচুকীয়া জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সোণ তৃষ্ণা ঘৰফলিয়া, অসম মৰাণ সভাৰ বিষয়ববীয়া সকলকে প্ৰমুখ্যে কৰি অসম মৰাণ মহিলা পৰিষদৰ বিষয়ববীয়াৰসকল । বিধায়ক বলিন চেতিয়াই ভৱনটো উদ্বোধন কৰি এই অঞ্চলটোত এই ভৱনটোৰ অতি প্ৰয়োজন আছিল বুলি মত ব্যক্ত কৰে । লগতে অঞ্চলৰ ৰাইজৰ সভা-সমিতি অনুষ্ঠিত কৰাত এই ভৱনটো যথেষ্ট সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে ।  

উক্ত শুভ উদ্বোধনী অনুষ্ঠানৰ পৰা সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিৰ সভাপতি ৰাতুল মৰাণে উক্ত ভৱনটো নিৰ্মাণ হোৱাত মাকুম অঞ্চলৰ বিভিন্ন সময়ত আয়োজন হোৱা সভা সমিতিকে ধৰি সাংস্কৃতিক অনুষ্ঠান সমূহ অনুষ্ঠিত কৰাত সহায়ক হৈ উঠিব বুলি মত পোষণ কৰে । লগতে এনে এটা বহুমুখী সাংস্কৃতিক ভৱন নিৰ্মাণ কৰিবলৈ অসম চৰকাৰে সুবিধা প্ৰদান কৰাত সভাপতিগৰাকীয়ে চৰকাৰলৈ লগতে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:35th Dhemaji District Day: 35 সংখ্যক ধেমাজি জিলা দিৱসৰ প্ৰস্তুতি সম্পৰ্কত উপায়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details