APDCL power station in Dhemaji: জোনাইত বিদ্যুৎ সংবহন উপ কেন্দ্ৰ উদ্বোধন - Lakhimpur MP Pradan Barua
জোনাই, ২৬ মাৰ্চ:ধেমাজি জিলাৰ চিলাপথাৰৰ জলকীয়া সুঁতিত নতুনকৈ সংযোজন হ'ল ১৩২/৩৩ কে ভি বিদ্যুৎ সংবহন উপ-কেন্দ্ৰ (Electricity transmission substation at Silapathar) ৷ শনিবাৰে এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই (Power Minister Nandita Garlosa)। তেওঁ নতুনকৈ স্থাপন কৰা কেন্দ্ৰটো শুভ উদ্বোধন কৰি কয় যে, এই কেন্দ্ৰটোৱে ধেমাজি জিলাৰ লক্ষাধিক ৰাইজৰ বিদ্যুতৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰিব । লগতে অঞ্চলটোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ ক্ষেত্ৰত উপকৃত হ'ব বুলি মন্তব্য কৰে ৷
এই অনুষ্ঠানটোত এ পি ডি চি এলৰ অস্থায়ী বৈদ্যুতিক কৰ্মচাৰী সন্থাই নিয়মীয়াকৰণৰ দাবীত মন্ত্ৰীগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে । উক্ত অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই কয় যে, এই কেন্দ্ৰটোৱে বৃহত্তৰ জিলাখনত বিদ্যুতৰ চাহিদা পূৰণ কৰাত বিশেষভাৱে সহায় কৰিব আৰু ৰাজ্যৰ শক্তিখণ্ডক নতুনকৈ উজ্জীৱিত কৰাত সৱল ভূমিকা গ্ৰহণ কৰিব মন্তব্য কৰে (Lakhimpur MP Pradan Barua) ৷ এই শুভক্ষণত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, পাৱাৰগ্ৰীড, এ ই জি চিএল আৰু এ পি ডি চি এলৰ উচ্চপদস্থ বিষয়, বিজেপিৰ ধেমাজি জিলাৰ সভাপতি প্ৰেম দত্ত, বিদুৎ সংমণ্ডলৰ মুখ্য প্ৰৱন্ধক নবীন বাস্তৱ আদিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:Samagra Shiksha Assam : ৰাজ্যৰ বিশেষভাৱে সক্ষম শিশুক প্ৰদান প্ৰয়োজনীয় আহিলা