অসম

assam

Jonai news:জোনাইত বাণিজ্যিক ভৱন আৰু জনজাতি জিৰণি ঘৰৰ শুভ উদ্বোধন

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 9:51 AM IST

বাণিজ্যিক ভৱন আৰু জনজাতি জিৰণি ঘৰৰ শুভ উদ্বোধন

জোনাই, 16 অক্টোবৰ : জোনাইত জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত বাণিজ্যিক ভৱন আৰু জনজাতি জিৰণি ঘৰৰ শুভ উদ্বোধন ৷ অসম চৰকাৰৰ শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দেওবাৰে জোনাইত জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত বাণিজ্যিক ভৱন আৰু জনজাতি জিৰণি ঘৰৰ শুভ উদ্বোধন কৰে । প্ৰথম কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ভূৱন পেগুৰ সৈতে জনজাতি পৰিক্ৰমা সঞ্চালকালয়ৰ (ভৈয়াম) অধীনত অসম ভৈয়াম জনজাতি উন্নয়ন নিগম লিমিটেডৰ পুঁজিৰ দ্বাৰা জোনাইত নতুনকৈ নিৰ্মাণ কৰা ‘কাৰ্যালয় আৰু বাণিজ্যিক গৃহ’ৰ শুভ উদ্বোধন কৰি কয় অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সবলীকৰণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত অসম চৰকাৰখনে প্ৰতিশ্ৰুতিবদ্ধতাৰে কাম কৰি আহিছে ৷

নতুনকৈ নিৰ্মাণ কৰা কাৰ্যালয় আৰু বাণিজ্যিক ভৱনটোৱে প্ৰায় ৩০গৰাকী যুৱক-যুৱতীক সংস্থাপন দিব আৰু জিৰণি ঘৰটোৱে আমাৰ ছাত্ৰ-ছাত্ৰী আৰু পৰ্যটকসকলক উপকৃত কৰিব বুলি পেগুৱে মন্তব্য কৰে ৷ ইয়াৰ পিচতে জোনাইত জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত নিৰ্মাণ কৰা জনজাতি জিৰণি ঘৰৰ শুভ উদ্বোধন কৰে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, জিলা পৰিষদ অতুল পেগু, টি এম পি কেৰ উপদেষ্টা/ সভাপতি ৰাজকুমাৰ মৰাং, সভাপতি তিলক দলে, মিচিং স্বয়ত্বশাসিত পৰিসদৰ সদস্য নৰেশ কুম্বাং, পদুম ৰায় আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল ।

লগতে পঢ়ক :Guest house inaugurated at Simen Chapori:চিমেন চাপৰিত নকৈ নিৰ্মিত অতিথি গৃহ উদ্বোধন

ABOUT THE AUTHOR

...view details