Illegel wine seized at Changsari: চাংসাৰীত কাৰ্টনে কাৰ্টনে বিলাতী সুৰা জব্দ - সৰবৰাহকাৰী আটক
চাংসাৰীত কাৰ্টনে কাৰ্টনে বিলাতী সুৰা ৷ বাইহাটা চাৰিআলিৰ চাংসাৰীত শনিবাৰে নিশা চাংসাৰী আৰক্ষীয়ে তালাচী চলাই এখন মাৰুতি বাহনৰ পৰা 26 কাৰ্টন অবৈধ সুৰা জব্দ কৰাৰ লগতে সৰবৰাহকাৰী এটাক আটক কৰে (Illegel wine seized at Changsari)৷ চাংসাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰজ্যোতি নাথে জানিবলৈ দিয়া অনুসৰি কৈলাশ কাকতি নামৰ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি ঘাইপথটোৰে অবাধে সৰবৰাহ কৰিছিল লক্ষ লক্ষ টকাৰ সুৰা (Changsari OC Sankar jyoti Nath)৷ বোৰ্কাৰ বাসিন্দা সৰবৰাহকাৰী কৈলাশ কাকতি (One smuggler arrested)৷ শনিবাৰেও ব্যৱসায়ীটোৱে এ এছ ০১ বি কে ০৩৫২ নম্বৰৰ মাৰুতি ভানখনত ২৬ টা কাৰ্টন সুৰাৰ বটল লৈ আহি থকাৰ পথতে আৰক্ষীৰ জালত পৰে ৷ সৰবৰাহকাৰীটোৰ বিৰুদ্ধে উত্তৰ কামৰূপৰ বিভিন্ন ধাবাৰ লগতে গ্ৰামাঞ্চলৰ প্ৰান্তে প্ৰান্তে একাংশ পান দোকান, চাহ, ভাতৰ দোকানত সুৰাৰ বটল যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ইফালে সুৰা ব্যৱসায়ীটোৱে মাত্ৰ ৫ কাৰ্টনহে সুৰাৰ বটল গাড়ীখনত আনিছিল বুলি মন্তব্য প্ৰকাশ কৰে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST