অসম

assam

ডুমডুমাত চোৰাংভাৱে সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক জব্দ

ETV Bharat / videos

ডুমডুমাত চোৰাংভাৱে সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক জব্দ - Tinsukia Police

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 10:27 PM IST

তিনিচুকীয়া, ৩ জানুৱাৰী : ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ । বুধবাৰে নিশা তিনিচুকীয়া জিলাৰ ডুমডুমাত জব্দ কৰা হয় এখন কাঠভৰ্তি ট্ৰাক । চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা তিনিচুকীয়া অভিমুখী AS01 QC6143 নম্বৰৰ ট্ৰাকখনৰে কঢ়িওৱা কাঠখিনিৰ কোনো বৈধ নথি-পত্ৰ নথকাত আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি বন বিভাগক চমজাই দিয়ে ।

ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়াৰ নেতৃত্বত উক্ত ট্ৰাকখন জব্দ কৰা হয় যদিও ট্ৰাকখনৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰাৰ পৰা ৰহস্যজনকভাৱে বিৰত থাকে ডুমডুমা বনাঞ্চলিক বিষয়া তথা বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে । নিশা চুবুৰীয়া ৰাজ্যৰ পৰা অহা কাঠভৰ্তি ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰা ঘটনাই ৰাজ্যত চোৰাং কাৰবাৰ অব্যাহত থকাটো প্ৰমাণ কৰিলে ৷ ইয়াৰোপৰি সমগ্ৰ ঘটনাত বনবিভাগৰ ভূমিকাই সৃষ্টি কৰিছে ৰহস্যৰ ৷

লগতে পঢ়ক:অসম-অৰুণাচল সীমান্তৰ লেখাপানীত সেনাৰ সন্ত্ৰাস, নিৰীহ যুৱকক সেনাই প্ৰহাৰৰ অভিযোগ

ABOUT THE AUTHOR

...view details