Illegal wood seized in Dibrugarh : খোৱাঙত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠৰ কুণ্ডাসহ কাঠফলা মিল - অবৈধ কাঠ মিল
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত সংঘটিত বন ধ্বংস কাৰ্য বন্ধ কৰিবৰ কাৰণে বন বিভাগক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও ডিব্ৰুগড় জিলাত এতিয়াও সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংস কাৰ্য । ইয়াৰ মাজতে বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিভাগে বামুনবাৰী নহোলা গাঁৱৰ পৰা অবৈধ কাঠ মিলৰ মেচিন জব্দ কৰিবলৈ সক্ষম হৈছে (Illegal wood seized in Dibrugarh) । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বন বিষয়া কৃষ্ণ হাঞ্চে আৰু আৰক্ষীৰ দলে অভিযান চলাই অবৈধ কাঠ মিলৰ মেচিন জব্দ কৰি খোৱাং আঞ্চলিক বন কাৰ্যালয়লৈ লৈ আনে । মিলত অবৈধভাৱে মজুত ৰখা প্ৰায় ১০০ টা বি আৰু চি ক্লাছৰ কুণ্ডাৰ লগতে বহু পৰিমাণৰ কাঠ জব্দ কৰে । আঞ্চলিক বন বিষয়াগৰাকীয়ে জনোৱা মতে, সীমান্ত গগৈ নামৰ এজন লোকে বহু দিনৰ পৰা উক্ত অবৈধ কাঠ মিল চলাই আছিল (Illegal wood machine seized in Dibrugarh) ৷ কিন্তু অভিযানৰ উমান পাই সীমান্ত গগৈ সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয় । অৱশ্যে বন বিভাগে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST