Illegal timber seized: কুমাৰীকাটাত কাঠৰ কুণ্ডা ভৰ্তি দুখন বাহন জব্দ - তিনি লক্ষাধিক টকা
বাক্সা, ৭ মে’ : ৰাজ্যত এতিয়াও অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ ৷ তামুলপুৰৰ কুমাৰীকাটা বন বিভাগ আৰু এছ এছ বিৰ 24 নং বাহিনীৰ যৌথ অভিযানত জব্দ কৰা হয় চোৰাং কাঠ ভৰ্তি দুখন ডি আই বাহন (Illegal timber seized in Baksha)। জব্দকৃত কাঠ খিনিৰ মূল্য তিনি লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ৷
শনিবাৰে নিশা ভাৰত-ভূটান সীমান্তৰ কালিপুৰৰ পৰা জব্দ কৰা হয় কাঠভৰ্তি দুয়োখন বাহন (Operation against illegal timber)। এছ এছ বি আৰু বন বিভাগক দেখি গাড়ী এৰি পলায়ন কৰে চালকজনে ৷ জব্দকৃত বাহন দুখনৰ নম্বৰ ক্ৰমে AS 25 AC 2447, আৰু AS 01 DC 6142। নিশাই দুয়োখন গাড়ী লৈ অনা হয় কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ । এই পৰ্যন্ত চিনাক্ত হোৱা নাই জব্দকৃত কাঠখিনিৰ প্ৰকৃতগৰাকী । কুমাৰীকাটা বন বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন্দ্ৰ বড়োৱে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:Village tourism : গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰে গ্ৰাম্যানুভূতিক সজাইছে দিকপল লাহনে