অসম

assam

অবৈধ পাহাৰ খননৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা

ETV Bharat / videos

Illegal mining on Panimur Hills: অনা অসমীয়া ব্যৱসায়ীৰ নেতৃত্বত অবৈধভাৱে পানীমূৰ পাহাৰত চলিছে খনন

By

Published : Feb 27, 2023, 7:36 PM IST

নগাঁও, 27 ফেব্ৰুৱাৰী :নগাঁও জিলাৰ অন্তৰ্গত পানীমূৰ পাহাৰত অনা অসমীয়া ব্যৱসায়ীৰ নেতৃত্বত অবৈধভাৱে চলিছে পাহাৰ খনন (Illegal mining on Panimur Hills) ৷ এই ক্ষেত্ৰত নগাঁও বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ সোমবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিয়ে (Press meet of Veer Lachit Sena) ৷

পাহাৰ খনৰৰ ফলত পানীমূৰ অঞ্চলত কৃষকৰ শ শ বিঘা কৃষিভূমি কৃষিৰ বাবে অনুপযোগী হৈ পৰিছে ৷ এই অবৈধ পাহাৰ খনন কাৰ্যত একাংশ দুর্নীতিগ্ৰস্ত বন বিষয়াই সহযোগ কৰাৰ অভিযোগ কৰিছে বীৰ লাচিত সেনাৰ নেতা প্ৰদান বৰুৱাই । আনকি দৈনিক শ শ ডাম্পাৰ অহা যোৱা কৰাৰ ফলত পানীমূৰ অঞ্চলবাসীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ কথাও সংবাদ মেলত উল্লেখ কৰে সংগঠনটোৱে (Illegal mining in nagaon) ।

পাহাৰৰ শিলাখণ্ড ভাঙিবলৈ কৰা বিস্ফোৰণৰ ফলত অঞ্চলটোৰ স্থানীয় ৰাইজৰ ঘৰসমূহত বৃহৎ বৃহৎ ফাঁট মেলাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । জনৈক অনিমেশ নামৰ এগৰাকী অনা অসমীয়া ব্যৱসায়ীৰ নেতৃত্বত চলি থকা পানীমূৰৰ অবৈধ পাহাৰ খনন কাৰ্য বন্ধ কৰিবলৈ বীৰ লাচিত সেনা অসমে বন মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাচতো পানীমুৰাৰ অবৈধ পাহাৰ খনন কাৰ্য বন্ধ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিয়ে ৷

আনহাতে, বীৰ লাচিত সেনা অসমৰ নেতা প্ৰদান বৰুৱাই বিস্ফোৰক মন্তব্য কৰি কয় যে, ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ আশীৰ্বাদপুষ্ট হৈ অনা অসমীয়া ব্যৱসায়ী অনিমেশে অবৈধভাৱে চলাই গৈছে পানীমুৰাৰ পাহাৰ খনন কাৰ্য । উল্লেখ্য যে, সোমবাৰে নগাঁৱৰ প্ৰেছ ক্লাৱত বীৰ লাচিত সেনা অসমে অনুষ্ঠিত কৰা সংবাদমেলত উপস্থিত আছিল প্ৰদান বৰুৱা, জিলা সভাপতি ৰূপজ্যোতি শইকীয়া, সচিব পংকজ ভূঞা আৰু উপদেষ্টা আব্দুল আজিজ ।

লগতে পঢ়ক :Many encounters in Assam : হিমন্ত বিশ্ব শৰ্মাৰ দিনত 174 টা এনকাউণ্টাৰৰে ৰাজ্যত চলিছে মুক্তহত্যাৰ যজ্ঞ

ABOUT THE AUTHOR

...view details